/asomiyapratidin/media/media_files/2025/02/06/303549Tti97Ze6sE422c.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত খেল মহাৰণ ২.০ ৰ জিলা পৰ্য্যায়ৰ খেলসমূহ অনুষ্ঠিত হয় । আজি নগাঁও ক্ৰীড়া সংস্থাৰ নুৰুল আমিন খেলপথাৰত জাতীয় সংগীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয় ।
উক্ত অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে নগাঁও ক্ৰীড়া সংস্থাৰ সম্পাদক তপন কুমাৰ দাসে । জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পৰা জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ বাবে সমবেত হোৱা খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জিলাখনৰ নাম ৰাজ্যিক পৰ্য্যায়ৰ খেল মহাৰণত উজ্বলাই তুলিবলৈ আহ্বান জনায় ।
তেওঁ লগতে কয় যে, গ্ৰাম্যাঞ্চলৰ প্ৰতিভাবান ক্ৰীড়াবিদ সকলক চিনাক্ত কৰাত খেল মহাৰণে বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । তেখেতে নৱপ্ৰজন্মক ক্ৰীড়াক এক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াই ।
আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে, অসমৰ গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাই হ'ল খেল মহাৰণ ২.০ ৰ প্ৰধান উদ্দেশ্য । বিধায়কগৰাকীয়ে গ্ৰাম্যাঞ্চলৰ নৱপ্ৰজন্মক শিক্ষাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰখনতো মনোনিবেশ কৰিবলৈ আহ্বান জনায় ।
তেওঁ কয় যে, ক্ৰীড়াৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা যুৱক-যুৱতী সকলে বিভিন্ন চৰকাৰী বিভাগৰ লগত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটো নিয়োগ পাবলৈ সক্ষম হৈছে । লগতে আৰু কয় যে, বৰ্তমানৰ ৰাজ্য চৰকাৰখনে অসমৰ প্ৰতিভাবান ক্ৰীড়াবিদ সকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অৱতীৰ্ণ হ’ব পৰাকৈ সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰিছে ।
বিধায়ক ৰূপক শৰ্মাই উক্ত অনুষ্ঠানত অলিম্পিক শিখা প্ৰজ্বলন কৰি ৭ টা বিধানসভা সমষ্টিৰ খেলুৱৈসকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি কেবাটাও সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় ।
আজিৰ এই জিলা পৰ্য্যায়ৰ খেল মহাৰণ ২.০ৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত সুদীপ নাথ, সহকাৰী আয়ুক্ত দ্বয় অনুৰণ মেধি, নৱ কান্ত পেগু, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ কবিতা বৰুৱা, জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া,জিলা ক্ৰীড়া বিষয়া প্ৰতীম বৰুৱাকে প্ৰমুখ্য কৰি জিলা ক্ৰীড়া সংস্থাৰ বিষয়ববীয়া সকল, ৭ টা বিধানসভা সমষ্টিৰ অন্তৰ্গত ক্ৰীড়া সংস্থাৰ সমূহৰ বিষয়ববীয়া সকল, খেলুৱৈসকল, শাৰিৰীক পৰিদৰ্শক সকল, বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।