/asomiyapratidin/media/media_files/2025/02/06/BDpGtlZlcWQXjNgW7egp.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী জিলা ভিত্তিক প্ৰতিযোগিতা খেল মহাৰণৰ ২.০ ৰ আজি গৌৰীপুৰৰ মহামায়া খেল পথাৰত শুভ উদ্বোধন কৰে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে। এইবেলি জিলাখনৰ ভিতৰত গৌৰীপুৰ,গোলকগঞ্জ,বিলাসীপাৰা আৰু বীৰসিং জৰুৱা সমষ্টিৰ অধীনত বহু খেলুৱৈয়ে খেল মহাৰণৰ ২.০ ত পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে।
খেল মহাৰণ ২.০ ৰ অংশ হিচাপে এথলেটিকছ,দবা, কাবাদী খেল অনুষ্ঠিত কৰা হয়। আনহাতে, চাইকেল চলোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। খেল মহাৰণ ২.০ ৰ উদ্বোধন কৰি জিলা আয়ুক্তই কয় যে, এই প্ৰতিযোগিতাই কেৱল যে খেলুৱৈসকলকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, এনে নহয় ৷ খেলৰ প্ৰতি নতুনৰ আকৰ্ষণো বৃদ্ধি কৰিছে।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈসকলক উচাহ প্ৰদান কৰাৰ উদ্দেশ্যে বিগত বৰ্ষত ৰাজ্যিক
পৰ্যায়ত খেলি অহা খেলুৱৈ সকলক সম্বৰ্ধনা দিয়া হয়। প্ৰথম পৰ্যায়ৰ খেল মহাৰণতকৈ এইবেলি খেলুৱৈ সকলৰ সংখ্যা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।