মর্মিতা-দীপান্বিতা-জুবলী-আচুৰ্যক লৈ খাৰঘুলি ৰঙালী বিহু সন্মিলনৰ ব্যাপক আয়োজন...

আজি অসমীয়া গীতৰ আধুনিক নৃত্য প্রতিযোগিতা আৰু অসমীয়া আধুনিক গীত প্রতিযোগিতা অনুষ্ঠিত কৰে বিহু সন্মিলনখনে। কাইলৈ অর্থাৎ ১৪ এপ্ৰিলৰ দিনা পুৱা ৯ বজাত খাৰঘুলি ৰঙালী বিহু সন্মিলনে উলিয়াব বিশাল সাংস্কৃতিক শোভাযাত্রা।

author-image
Asomiya Pratidin
New Update
cvb

ডিজিটেল সংবাদ, গুৱাহাটী: ৩৯ সংখ্যক খাৰঘুলি ৰঙালী বিহু সন্মিলনক লৈ মহানগৰীৰ খাৰঘুলি ৰাজহুৱা খেলপথাৰত চলিছে ব্যাপক আয়োজন। জনপ্রিয় কণ্ঠশিল্পী মর্মিতা মিত্র, দীপান্বিতা ডেকা, জুবলী বৰুৱা, আচুৰ্য বৰপাত্ৰ গোহাঁই আৰু বিশিষ্ট বিহু শিল্পী ৰঞ্জিত গগৈক লৈ ৰঙালী বিহু সন্মিলনে ১৪,১৫ আৰু ১৬ এপ্রিলত এই ঐতিহ্যমণ্ডিত ৰঙালী বিহু সন্মিলনৰ যো-জা সম্পূৰ্ণ কৰি তুলিছে।

Advertisment

এই উপলক্ষে আজি অসমীয়া গীতৰ আধুনিক নৃত্য প্রতিযোগিতা আৰু অসমীয়া আধুনিক গীত প্রতিযোগিতা অনুষ্ঠিত কৰে বিহু সন্মিলনখনে। কাইলৈ অর্থাৎ ১৪ এপ্ৰিলৰ দিনা পুৱা ৯ বজাত খাৰঘুলি ৰঙালী বিহু সন্মিলনে উলিয়াব বিশাল সাংস্কৃতিক শোভাযাত্রা। প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° দয়ানন্দ পাঠকে এই সাংস্কৃতিক শোভাযাত্রা মুকলি কৰাৰ উপৰি বিশিষ্ট কবি নীলিম কুমাৰে ৰঙালী বিহু সন্মিলনখনৰ মুখপত্র 'লুইত' উন্মোচন কৰিব।

বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ উপৰি ল'ৰা-ছোৱালী, মহিলাৰ মাজত কাইলৈ বিভিন্ন খেল-ধেমালি, চিত্রাংকণ প্রতিযোগিতা, মহিলাসকলৰ নাম প্রতিযোগিতা অনুষ্ঠিত হ'ব আৰু নিশা দহ বজাত জনপ্রিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁয়ে সংগীতানুষ্ঠান পৰিবেশন কৰিব। অহা ১৫ এপ্ৰিলৰ দিনা বিভিন্ন খেল-ধেমালি প্রতিযোগিতা আৰু মহিলা গোটৰ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰি নিশা দহ বজাত আন এগৰাকী বিশিষ্ট কণ্ঠশিল্পী জুবলী বৰুৱাই সংগীতানুষ্ঠান পৰিবেশন কৰিব।

অন্তিম দিনাৰ কাৰ্যসূচীত অর্থাৎ অহা ১৬ এপ্ৰিলৰ দিনা পুৱাৰে পৰা কুইজ প্রতিযোগিতা, ভেশছন প্রতিযোগিতা আদিৰ অন্তত বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিব উদ্যোক্তাসকলে। নিশা দহ বজাত শেহতীয়াকৈ ৰাজ্যৰ সংগীত জগতত খলকনি তোলা জনপ্রিয় কণ্ঠশিল্পী মর্মিতা মিত্ৰৰ উপৰি আন এগৰাকী শিল্পী দীপান্বিতা ডেকাই গীতৰ শৰাই আগবঢ়াব।

কণ্ঠশিল্পী মর্মিতা মিত্রই নিশা এক বজাত সংগীত পৰিবেশন কৰাৰ কথা। ৩৯ সংখ্যক খাৰঘুলি ৰঙালী বিহু সন্মিলনৰ এই তিনিদিনীয়া কাৰ্যসূচীলৈ খাৰঘুলি ৰঙালী বিহু সন্মিলনৰ সভাপতি দিব্যজ্যোতি কলিতা, কাৰ্যকৰী সভাপতিদ্বয় নৱ কুমাৰ ডেকা আৰু জয়ন্ত খাউণ্ড, সাধাৰণ সম্পাদক ডা০ গজেন্দ্ৰ ভৰালী, সাংস্কৃতিক সভাপতি মৃদুল কলিতা আৰু সাংস্কৃতিক সম্পাদক কৃষ্ণ বাহাদুৰ সোণাৰে সমগ্র মহানগৰবাসীক নিমন্ত্রণ জনাইছে। 

খাৰঘুলি