/asomiyapratidin/media/media_files/2025/07/08/new-ap-web-2-9-2025-07-08-17-11-43.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক লৈ কৰা মন্তব্য আপত্তিজনক মন্তব্যক লৈ খৰ্গহস্ত হৈ পৰিছে বিজেপি। তাৰোপৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নাম ভুলকৈ উচ্চাৰণ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে বিজেপি নেতৃত্বই।
দৰাচলতে সোমবাৰে ৰায়পুৰত এখন ৰাজহুৱা সভাত খৰ্গে বনভূমিৰ সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰি জনজাতীয় আৰু দলিত সভাপতি নিযুক্তিৰ আঁৰত বিজেপিৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰা মন্তব্যৰ পৰাই এই বিতৰ্কৰ উদ্ভৱ হৈছে।
তেওঁ কৈছিল, "তেওঁলোকে মাত্ৰ ডাঙৰ কথা কয়; আমি মুৰ্মা জীক ভাৰতৰ ৰাষ্ট্ৰপতি বনালো, আমি ৰাম নাথ কোভিডক ৰাষ্ট্ৰপতি বনালো হয়, কিন্তু কিহৰ বাবে? আমাৰ সম্পত্তি কাঢ়ি নিবলৈ? আমাৰ জংঘল কাঢ়ি নিবলৈ? আমাৰ পানী বন্ধ কৰিবলৈ? তেওঁলোকে আমাৰ মাটি কাঢ়ি নিবলৈ এই কাম কৰিছে।'
খৰ্গেৰ এই বক্তব্যক অত্যন্ত দুখজনক আৰু লজ্জাজনক আখ্যা দি বিচিচিআইৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ মনন মিশ্ৰই দেশবাসীৰ পৰা শীঘ্ৰে ক্ষমা খুজিবলৈ দাবী জনাইছে।
উল্লেখ্য যে, সমগ্ৰ ঘটনা সন্দৰ্ভত বিজেপিয়ে শ্বেয়াৰ কৰা খৰ্গেৰ ভাষণৰ এটা ভিডিঅ'ত তেওঁ ৰাষ্ট্ৰপতি মুৰ্মুৰ নাম "মুৰ্মা জী" আৰু তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নাম "কভিড" বুলি ভুল উচ্চাৰণ কৰা শুনা যায়।
এই সন্দৰ্ভত মনন মিশ্ৰই কয় যে, ৰাষ্ট্ৰপতি দেশৰ সৰ্বোচ্চ সাংবিধানিক পদ আৰু এনে বক্তব্য কোনো কাৰণতে গণতন্ত্ৰৰ বাবে ভাল নহয়। তেওঁৰ এই বক্তব্যই ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ কৰি তুলিছে, আৰু বহুতে খৰ্গেৰ বক্তব্যক গৰিহণা দিছে।
মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মনন মিশ্ৰই কয় যে, মল্লিকাৰ্জুন খৰ্গে এটা জাতীয় দলৰ সভাপতি। তেওঁ এজন পুৰণি আৰু অভিজ্ঞ নেতা। এনেবোৰ কথা তেওঁৰ লগত খাপ নাখায়। দ্ৰৌপদী মুৰ্মু জনজাতীয় সমাজৰ এগৰাকী অভিজাত মহিলা আৰু দেশৰ ৰাষ্ট্ৰপতি।
আনহাতে ৰামনাথ কোবিন্দ এজন বিদ্বান ব্যক্তি যিয়ে ৰাষ্ট্ৰপতি পদৰ দায়িত্ব অতি মৰ্যাদাৰে পালন কৰিছিল। বিজেপি আৰু ভাৰতৰ জনসাধাৰণে জাতি-ধর্মৰ কোনো বৈষম্য নকৰাকৈ এই লোকসকলক দেশৰ সৰ্বোচ্চ পদলৈ লৈ গৈছে, এনেকৈ ঠাট্টা-মস্কৰা কৰাটো লজ্জাজনক কথা।