খনামুখৰ HBI ইটাভাটাত ট্ৰেক্টৰৰ খুন্দাত নিহত মহিলা শ্ৰমিক...

শোণিতপুৰৰ খনামুখত অঘটন ৷ ইটাভাটাত কৰ্মৰত মহিলা শ্ৰমিক টেক্টৰৰ খুন্দাত নিহত হৈছে ৷  খনামুখৰ HBI ইটাভাটাত  সংঘটিত হৈছে উক্ত ঘটনাটি ।শোণিতপুৰৰ খনামুখত অঘটন ৷

author-image
Asomiya Pratidin
New Update
ikik

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ  শোণিতপুৰৰ খনামুখত অঘটন ৷ ইটাভাটাত কৰ্মৰত মহিলা শ্ৰমিক টেক্টৰৰ খুন্দাত নিহত হৈছে ৷  খনামুখৰ HBI ইটাভাটাত  সংঘটিত হৈছে উক্ত ঘটনাটি ।

ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰা এগৰাকী মহিলা ইটাভাটাটোত ব্যৱহাৰ কৰা এখন  ট্ৰেক্টৰৰ খুন্দাত নিহত হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷  নিহত মহিলাগৰাকীৰ নাম বাসতুন খাতুন। ইটাভাটা কাম কৰি থকা সময়তে ভাটাৰ ট্ৰেক্টৰ চেপাত মৃত্য হয় মহিলা গৰাকীৰ ৷

ইয়াকে লৈ ইটাভাটাটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশ।আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰ চালকজনে পলায়ন কৰিছে। ভাটা সমুহত কৰ্মৰত শ্ৰমিক সকল কিমান সুৰক্ষিত তাক লৈ ও প্ৰশ্ন উত্থাপন হৈছে ৷ 

শোণিতপুৰ