বিপিএফৰ প্ৰতি মোহভংগ হ’ল খাম্ফা বৰগয়াৰীৰ ! হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ...

বিপিএফ দলৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা খাম্ফা বৰগয়াৰীয়ে আজি দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি বিপিএফ দলৰ উপ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাংঃ  বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত বিপিএফ দলত মোক্ষম আঘাত হানিলে দলৰ উপ সভাপতি খাম্ফা বৰগয়াৰীয়ে।  বহু জল্পনা কল্পনাৰ অন্ত পেলাই বিপিএফ দলৰ উপ-সভাপতি তথা বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে আজি আনুষ্ঠানিকভাবে বিপিএফ দলৰ পৰা পদত্যাগ কৰে। 

Advertisment

বিপিএফ দলৰ শীৰ্ষ পৰ্য্যায়ৰ নেতা খাম্ফা বৰগয়াৰীয়ে আজি দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি বিপিএফ দলৰ উপ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে ।পদত্যাগ কৰাৰ পিছত প্ৰাক্তন বিপিএফ নেতা গৰাকী কোন দলত যোগদান কৰিব সেই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই যদিও অহা ৬ ফেব্ৰুৱাৰী তাৰিখে খাম্ফা বৰগয়াৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰি নিজৰ স্থিতি স্পষ্ট কৰিব বুলি জানিব পৰা গৈছে । 

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ দল এৰি ইউপিপিএল যোগদান কৰিছিল বিপিএফ দলৰ আন এগৰাকী উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই আৰু আজি আন এগৰাকী শীৰ্ষ নেতা খাম্ফা বৰগয়াৰী বিপিএফ দলৰ পৰা পদত্যাগ কৰে । উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰী দুয়ো এটা সময়ত চিৰাং জিলাৰ অবিসম্বাদী নেতা হিচাপে বিটিচিত পৰিচিত আছিল ।

বিপিএফ