বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত ইউপিপিএলত শৰণাপন্ন খাম্ফা বৰগয়াৰী

প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পথকে অনুসৰণ কৰি বিপিএফ দল ত্যাগ কৰি আজি ইউপিপিএল দলত যোগদান কৰে বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য তথা বিপিএফ দলৰ প্ৰতিষ্ঠাপক উপ সভাপতি খাম্ফা বৰগয়াৰী।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
gjghhg

ডিজিটেল সংবাদ, চিৰাং:  চলিত বৰ্ষতে অনুষ্ঠিত হব বিটিচিৰ পৰিষদীয় নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যেই আৰম্ভ হৈছে এটা পিছত এটা ৰাজনৈতিক ঘটনা পৰিঘটনা। এজনৰ পিছত এজন বিপিএফ দলৰ শীৰ্ষ নেতাই হাগ্ৰামা মহিলাৰীৰ সংগ এৰি ইউপিপিএল দলত যোগদান কৰিছে। ফলত বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত আৰম্ভ হৈছে তীব্ৰ খহনীয়া।

Advertisment

প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পথকে অনুসৰণ কৰি বিপিএফ দল ত্যাগ কৰি আজি ইউপিপিএল দলত যোগদান কৰে বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য তথা বিপিএফ দলৰ প্ৰতিষ্ঠাপক উপ সভাপতি খাম্ফা বৰগয়াৰী। আজি দুপৰীয়া চিৰাং জিলাৰ ৰুণীখাতাৰ থাইকাঝোৰাত এক বিশাল যোগদান সভাৰ জৰিয়তে বিটিচিৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়ো আৰু ইউপিপিএলৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত পাঁচ শতাধিক সমৰ্থকক লৈ বিপিএফ দলত যোগদান কৰে এসময়ৰ বিপিএফ দলৰ প্ৰভাৱশালী নেতা তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰী।

আজি থাইকাঝোৰাত কেইবা সহস্ৰাধিক লোকৰ সমাগমত অনুষ্ঠিত যোগদান সভাত ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, উপমুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰী, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম সহ কেইবাগৰাকী বিধায়ক, কাৰ্য্যবাহী সদস্যই খাম্ফা বৰগয়াৰীক পুষ্প স্তৱক, আৰ'নাই আৰু দলীয় পতাকাৰে ইউপিপিএল দললৈ আদৰি লয়।

 আজিৰ সভাত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই ভাষনত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। উৰ্খাও গৌৰা ব্ৰহ্মই নেতৃত্ব দিয়া সময়ত ইউপিপিএল দল এখন সৰু নাও আছিল। সেই নাৱত মই, গোবিন্দ বসুমতাৰী সহ সবে উঠিছিলো। পৰৱৰ্তী সময়ত সেই নাৱত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পিছত নাও জাহাজলৈ ৰূপান্তৰ হৈছিল। আজি খাম্ফা বৰগয়াৰী ইউপিপিএল দলত যোগদান কৰাৰ পিছত সেই জাহাজ এতিয়া বৃহৎ আকাৰৰ ষ্টাৰ ক্ৰুইজাৰ লৈ ৰূপান্তৰিত হোৱা বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।

ইউপিপিএল