ইউপিপিএলে ৫০০ কৈ হাজিৰা দি সভালৈ মানুহ আনিছেঃ হাগ্ৰামা মহিলাৰী

কোকৰাঝাৰ আৰু দৰং-ওদালগুৰী লোকসভা সমষ্টিত আমাৰ কোনো প্ৰতিদ্বন্দী নাইঃ খাম্পা বৰগয়াৰী
ইউপিপিএলে ৫০০ কৈ হাজিৰা দি সভালৈ মানুহ আনিছেঃ হাগ্ৰামা মহিলাৰী

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্বৰ অন্তিম দিন। সেয়ে গ্ৰীণ ফিল্ডৰ পৰা কেবা সহস্ৰাধিক সমৰ্থকক লৈ সমদলেৰে মনোনয়ন দাখিল কৰে খাম্পা বৰগয়াৰীয়ে। শুকুৰবাৰে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী,বিপিএফৰ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰী,দনেশ্বৰ গয়াৰীৰ লগতে কেবাগৰাকী নেতা-কৰ্মী।

মনোনয়ন দাখিল কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত বিপুল ভোটত জয় লাভ কৰিম বুলি মন্তব্য কৰে প্ৰাৰ্থী খাম্পা বৰগয়াৰীয়ে। লগতে তেওঁ কয় যে,"কোকৰাঝাৰ আৰু দৰং-ওদালগুৰী লোকসভা সমষ্টিত আমাৰ কোনো প্ৰতিদ্বন্দী নাই।সকলো জাতি-জনগোষ্ঠীৰ ৰাইজে বিপিএফক ভোট দিবলৈ সাজু হৈ আছে।"

আনহাতে মনোনয়ন দাখিল অনুষ্ঠানত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে কয় যে,"দুটা সমষ্টিত বিপিএফৰ জয় নিশ্চিত।কোকৰাঝাৰ লোকসভা সমষ্টিত খাম্পা বৰগয়াৰী আৰু দৰং-ওদালগুৰীত দূৰ্গাদাস বড়োৰ জয় এশ শতাংশই নিশ্চিত।ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মনোনয়ন দাখিলৰ সময়ত ইউপিপিএলে ৫০০ টকাকৈ হাজিৰা দি নিজৰ সভালৈ মানুহ অনাইছে বুলিও অভিযোগ কৰে হাগ্ৰামা মহিলাৰীয়ে।

ইউপিপিএলে ৫০০ কৈ হাজিৰা দি সভালৈ মানুহ আনিছেঃ হাগ্ৰামা মহিলাৰী
হঠাতে অশান্ত! শান্তিৰে ভোটগ্ৰহণ চলি থকা মণিপুৰৰ দুই ভোটকেন্দ্ৰত গুলীচালনাৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in