/asomiyapratidin/media/media_files/2025/02/07/vPlDzekuyjHLyNb0MoIh.jpg)
প্ৰমোদ বড়োৰ উপস্থিতিত ইউ পি পি এলত যোগদান কৰিব খাম্পা বৰগয়াৰী
ডিজিটেল সংবাদ,চিৰাং : সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত সদ্য বি পি এফ ত্যাগী বি টি আৰৰ শক্তিশালী ৰাজনৈতিক নেতা খাম্পা বৰগয়াৰীয়ে শনিবাৰে ইউ পি পি এলত যোগদান কৰিব। খাম্ফা বৰগয়াৰীয়ে আজি নিজেই এই কথা সংবাদমাধ্যমযোগে ঘোষণা কৰাৰ পিছত চিৰাং জিলা বিপিএফ দলৰ ভিতৰচৰাত তীব্ৰ খহনীয়া আৰম্ভ হৈছে ।
দুটা দশকৰো অধিক কাল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দললৈ সেৱা আগবঢ়াই অহা তথা বৰ্তমানে বি পি এফৰ উপ-সভাপতি হিচাপে কৰ্মৰত বৰগয়াৰীয়ে যোৱা ২ ফেব্ৰুৱাৰীত বি পি এফৰ পৰা পদত্যাগ কৰিছে। বি পি এফৰ পৰিষদীয় চৰকাৰত উপ-মুখ্য কাৰ্যবাহী সদস্যৰ পদ অলংকৃত কৰা খাম্পা বৰগয়াৰীয়ে পদত্যাগ কৰাৰ পিছত সাংবাদিকৰ আগত মন্তব্য কৰিছিল যে - এই পদত্যাগে মই বিশ্বাস কৰা মূল্যবোধৰ প্ৰতি মোৰ প্ৰতিশ্ৰুতি সলনি নকৰে। মই নতুন আৰু অৰ্থপূৰ্ণ উপায়েৰে আমাৰ সমাজৰ প্ৰগতি আৰু কল্যাণৰ দিশত কাম কৰি যাম।
উল্লেখ্য যে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ পিছত খাম্পা বৰগয়াৰীৰ পদত্যাগ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে। নেতাগৰাকীয়ে দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰখনত মৌনতা অৱলম্বন কৰি আঁতৰি আছিল।
খাম্পা বৰগয়াৰীৰ যোগদানক কেন্দ্ৰ কৰি কাইলৈ চিৰাং জিলাৰ ৰুণীখাটাৰ থাইকাজোৰাত ইউ পি পি এলৰ এক বিৰাট যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈৰ যোগদান সভাক কেন্দ্ৰ কৰি বিপিএফ দলৰ জন্মলগ্নৰে পৰা জৰিত থকা বিপিএফৰ দলীয় কৰ্মীসকলৰ মাজত আৰম্ভ হৈছে বিবেকৰ যুঁজ । কাৰণ কাইলৈ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পাঁচখনকৈ বিপিএফ দলৰ প্ৰাথমিক সমিতিৰ প্ৰায় পাঁচ শতাধিক লোকে ইউ পি পি এলত যোগদান কৰিব বুলি দলৰ ৰাজনৈতিক সম্পাদক মাধৱ ছেত্ৰীয়ে জানিবলৈ দিয়ে।
এই যোগদান কাৰ্যসূচীত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকিব বুলিও ছেত্ৰীয়ে জানিবলৈ দিয়ে। খাম্ফাৰ বৰগয়াৰীৰ ইউপিপিএল দলত যোগদান কৰাৰ পিছত চিৰাং জিলাত বিপিএফ দলৰ সূৰ্য্যাস্ত হল বুলি ইউপিপিএল দলৰ পৰা দাবী কৰা হৈছে ।