/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b2407763-d3f9-48a6-a76f-d45fb5c5bd1d/college.jpg)
Khagarijan college
ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত খাগৰিজান মহাবিদ্যালয়ত শুকুৰবাৰে ড০ সাগৰ বৰুৱা নিধি (Endowment) দ্বিবাৰ্ষিক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ২০১৬ চনৰ পৰা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা বক্তৃতানুষ্ঠানটিৰ ৪ৰ্থ সংখ্যক বক্তৃতানুষ্ঠানৰ শীৰ্ষ বিষয় আছিল 'New History of India's Partition : A Historiographical Study'।
এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সহযোগী অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই সমল ব্যক্তি হিচাপে ভাষণ আগবঢ়ায়।
বক্তৃতাত ড০ শৰ্মাই ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ত সাধাৰণ নাগৰিকৰ ধৰ্ম ভিত্তিক,ৰাজনৈতিক আৰু সামাজিক নিপীড়ণৰ বিষয়ত তত্ত্বগধুৰ বক্তব্য দাঙি ধৰে। কোনো পৰিকল্পনা নোহোৱাকৈ হোৱা দেশ বিভাজনে ইউৰোপৰ জনজীৱনো বিপৰ্যস্ত কৰি তুলিছিল আৰু নাগৰিকৰ সেই দুৰৱস্থা ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়তো ঘটিছিল।
এই বিভাজনে নাৰীৰ জীৱন বিপৰ্যস্ত কৰি তুলিছিল। পূৰ্বতে বুৰঞ্জীৰ বিষয় সমূহ লিপিবদ্ধ কৰাত ৰাজকীয় পৃষ্ঠপোষকতা তথা ৰাজনৈতিক লাভালাভৰ লগত জড়িত বিষয় সমূহে স্থান পাইছিল। কিন্তু সঁচা ঘটনা সমূহ সাহিত্যৰাজিৰ মাজতহে লুকাই আছিল।
পৰৱৰ্ত্তী পৰ্যায়ত এই বিষয় সমূহ বিভিন্ন প্ৰকাৰে বিভিন্ন ইতিহাসবিদে গ্ৰন্থ আকাৰে প্ৰকাশ কৰাত সত্য ঘটনা সমূহ পোহৰলৈ আহে। এনে বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ বিস্তৃত বিশ্লেষণ সমল ব্যক্তি গৰাকীয়ে বিশদভাৱে দাঙি ধৰে।
সভাৰ আদৰণি ভাষণ আগবঢ়াই খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ নাথে। বুৰঞ্জী অধ্যয়নৰ প্ৰয়োজনীয়তা তথা বুৰঞ্জীয়েই যে সভ্যতাৰ মাপকাঠী এই সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।
বক্তৃতানুষ্ঠান সঞ্চালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড০ দিলীপ বৰাই। ড০ বৰাই তেখেতৰ ভাষণত শৰণাৰ্থী সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
এই শৰণাৰ্থীৰ সমস্যা কোনো বিশেষ ৰাজ্যৰ নহয়, সকলোতে শৰণাৰ্থীৰ সমস্যা সমূহ একে আছিল। শৰণাৰ্থীৰ আন আন সমস্যাৰ লগতে যি ভূমি সমস্যা, সেই সমস্যাৰ বাবে তেওঁলোক সদায় অৱহেলিত হৈছিল আৰু বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈছিল।
এই সন্দৰ্ভত ড০ দিলীপ বৰাই বিস্তৃত ব্যাখ্যা আগবঢ়ায়। সভাত খাগৰিজান মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ ড০ সাগৰ বৰুৱাই সন্মানীয় অতিথিৰ ভাষণত বক্তব্য আগবঢ়ায়।
বক্তৃতানুষ্ঠানত নগাঁও ৰূপহী মহাবিদ্যালয় অধ্যক্ষ ড০ মনোজ নাথ,হোজাই ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ পল্লৱীকা দাস, পুৰণি গুদাম মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ কমল শইকীয়া, বৰকোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, কলংপাৰ কাকতৰ মুখ্য সম্পাদক গুৰু মাইল সিং, ড০ অমৰেন্দ্ৰ শৰ্মাকে আদি কৰি খাগৰিজান মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।