ডিজিটেল সংবাদ, চিৰাং : অসম সাহিত্য সভাৰ হিতৈষী সভ্য তথা সাহিত্য সেৱী, অৱসৰী প্ৰধানশিক্ষক, বাসুগাঁও শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মো: খাদেমূল ইছলাম আৰু নাই। জীৱনৰ ৮১টা বসন্তত দেওবাৰে ইছলামৰ বিয়োগ ঘটে ।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি দেওবাৰ পুৱতি নিশা ৪-০০ বজাত বাসুগাঁও থুৰিবাৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্য সেৱীগৰাকীয়ে । তেখেতৰ মৃত্যুত বাসুগাঁও শাখা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰি তেওঁক অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ।
অসম সাহিত্য সভাৰ পতাকাৰে আবৃত কৰি তেওঁলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে গুণমুগ্ধসকলে । অন্তিম শ্ৰদ্ধা অনুষ্ঠানত অসম সাহিত্য সভাৰ হিতৈষী সভ্য তথা বাসুগাঁও শাখা সাহিত্য সভাৰ সভাপতি অমৃত পাটগিৰি, সম্পাদক দিলীপ কুমাৰ ৰায়, চিৰাং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা বাসুগাঁও শাখা সভাৰ প্ৰাক্তন সভাপতি উপেন ৰায় উপস্থিত থাকে ।
উল্লেখযোগ্য যে বাসুগাঁও শাখা সাহিত্য সভা কাৰ্যালয়ত অসম সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰা হয় । আজি অসংখ্য গুণমুগ্ধ আৰু পৰিয়ালৰ সদস্যসকলৰ উপস্থিতিত ইছলাম ধৰ্মীয় ৰীতি-নীতিৰ মাধ্যমেৰে হাজী খাদেমূল ইছলামৰ জানাজা সম্পন্ন কৰা হয় । মৃত্যৰ সময়ত খাদেমূল ইছলামে সহধৰ্মিণী, পাঁচ পুত্ৰ, বোৱাৰী, কন্যা আৰু নাতি- নাতিনী সংসাৰত এৰি থৈ যায় ।