/asomiyapratidin/media/media_files/2024/12/17/v2Y09hz6EjIqrV87wbAe.jpg)
ডিজিটেল ডেস্কঃ বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ বাবে মঙলবাৰে মানকাচৰত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। সাংবাদিকৰে হোৱা কথা বাৰ্তাত তেওঁ 'এক দেশ এক নিৰ্বাচন' প্ৰসংগৰো উত্থাপন কৰে । দেশত জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰা কংগ্ৰেছে এক দেশ এক নিৰ্বাচনত বিৰোধিতা কৰাটো ডাঙৰ কথা নহয় বুলিও উল্লেখ কৰে তেওঁ ।
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে 'এক দেশ এক নিৰ্বাচন'ৰ বাবে পাঁচ বছৰৰ মূৰত একেলগে বিধানসভা আৰু লোকসভাৰ সদস্যৰ বাবে ভোট দিব পাৰিব দেশৰ জনগণে ।
উল্লেখযোগ্য যে মানকাচৰত কেইবাখনো চৰকাৰী আঁচনিৰ শুভ উদ্ধোধনৰ বাবে মন্ত্ৰী গৰাকী উপস্থিত হৈছে মানকাচৰত । মেঘালয়ৰ তুৰা হৈ মানকাচৰত মন্ত্ৰী গৰাকী উপস্থিত হৈ অগপৰ জিলা মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীৰ সৈতে পঞ্চায়ত নিৰ্বাচনক লৈ আলোচনা কৰে ।
মন্ত্ৰীগৰাকী দলীয় কৰ্মীৰ সৈতে আলোচনাৰ অন্তত হাটশিঙিমাৰী আৱৰ্ত ভৱনত উপস্থিত হয় । ১৮ ডিচেম্বৰত কেইবাটাও চৰকাৰী কাম আৰু এখন দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰিব মন্ত্ৰী কেশৱ মহন্তই ।