/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-06/z7em2no5/5.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ অসমৰ পৰিবহন,জলপৰিবহন,জলবায়ু পৰিৱৰ্তন, মীন, বিজ্ঞান প্ৰযুক্তি আদিৰ ক্ষেত্ৰত বিশেষ প্ৰকল্প ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ। মঙলবাৰে কলিয়াবৰত সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে অসমৰ পৰিবহণ, মীন আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।
উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে মন্ত্ৰী মহন্তই নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী,সৰ্বানন্দ সোনোৱাল সহ ৭ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বাবে বিশেষ প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিছিল। এই প্ৰকল্প প্ৰস্তাৱ ৰূপায়নত সংশ্লিষ্ট বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সকলে আশ্বাস প্ৰদান কৰে বুলি মন্ত্ৰী মহন্তই জানিবলৈ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-06/zqtjc2ne/7dbd5628-45da-4bc6-9709-a71da4865308.jpg)
তেওঁ সংবাদ মাধ্যমক জনায় যে, বৰাক উপত্যকাৰ চালক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীতকৰণৰ বাবে পুঁজি বিচৰা হৈছে আৰু সেই পুজি আবণ্টন দিয়াৰ আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী গৰাকীয়ে। অসমৰ প্ৰতিখন জিলাতে অত্যাধুনিক চালক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰাৰ আশ্বাস আমি লাভ কৰিছো। পৰৱৰ্তী সময়ত এই প্ৰতিষ্ঠান সমষ্টি পৰ্যায়ত স্থাপনৰ প্ৰয়াস কৰা হব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-06/gfajl3qp/22a5623a-169b-4e4a-a0f6-4a2a435c89c0.jpg)
অসমৰ ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ উন্নয়ন তথা আধুনিকীকৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰই যাৱতীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী মহন্তই চাইন্স চিটিৰ বাবেও কেন্দ্ৰই অতিৰিক্ত পুঁজি মোকলাই দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত চাইন্স চিটিৰ কাম ইতিমধ্যে বহু আগবাঢ়ি গৈছে। কিছুদিন পূৰ্বে ইয়াৰ বাবে বিচৰা ২০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে দিছে। এতিয়া অতিৰিক্ত আৰু ৩৪ কোটি টকাৰ প্ৰয়োজন। সেইখিনি দিয়াৰ বাবে বিভাগীয় মন্ত্ৰীয়ে সন্মতি প্ৰকাশ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-06/z9miaf3b/3e2f59a9-5e65-4c9d-ba47-b52e7e41d461.jpg)
বিজ্ঞান প্ৰযুক্তি ,জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় প্ৰস্তাৱ আমি নতুন দিল্লীত বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰি অৱগত কৰিছোঁ।তেওঁলোকেও আমাৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী,সৰ্বানন্দ সোনোৱাল,জিতেন্দ্ৰ সিং ১০ ছেপ্টেম্বৰত অসমলৈ আহিব। তেওঁলোকে জলবায়ু পৰিৱৰ্তন,বিজ্ঞান প্ৰযুক্তি আদি সম্পৰ্কে উত্তৰ পূবৰ সকলোৰে লগত আলোচনা কৰি সম্ভৱপৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে।
মন্ত্ৰী মহন্তই জানিবলৈ দিয়ে যে চাইন্স চিটিৰ ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত সংসদৰ অধিবেশনৰ পিছতে অসমলৈ আহি পৰ্যবেক্ষণ কৰিব। অসমৰ নদী যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ জলপৰিবহন বিভাগে কেবাখনো জাহাজ দিয়াৰ আশ্বাস প্ৰদান কৰিছে। নগাঁও জিলাৰ শিলঘাটত কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্যৰে এটা জাহাজঘাট নিৰ্মাণৰ লগতে শিলঘাট-তেজপুৰ-বিশ্বনাথৰ মাজত পৰ্যটকৰ বাবে এটা জল প্ৰকল্প গ্ৰহণত কেন্দ্ৰই অনুমোদন জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-06/484mcys1/8b92c89f-cdb7-44bd-b77f-5b879de1eb41.jpg)
নদী পথেৰে পৰ্যটকে কাজিৰঙাৰ নৈসৰ্গিক শোভাযাত্ৰা উপভোগ কৰিব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। মাজুলীৰ নদী যাতায়ত ব্যৱস্থাত মাজে মাজে অসুবিধা হয় বুলি উল্লেখ কৰি তেওঁ জানিবলৈ দিয়ে যে মাজুলীৰ যাতায়ত ব্যৱস্থা সুচল কৰি ৰাখিবলৈ খননৰ বাবে অত্যাধুনিক ড্ৰেজাৰৰ প্ৰস্তাৱ দিয়া হৈছে আৰু সেইটো তেওঁলোকে গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-06/4uqzl47f/61ea7eb5-551f-4ee7-8c95-ef78bd08ddf7.jpg)
ৰাজ্যখনত উন্নত মানৰ মীন উৎপাদনৰ লগতে গুণগত মানৰ মাছৰ খাদ্য আৰু পোনা উৎপাদনৰ বৃহৎ প্ৰকল্প ৰূপায়ণৰ বাবে দিয়া প্ৰস্তাৱ কেন্দ্ৰই গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী মহন্তই কয় যে, ইতিমধ্যে মীনবিভাগৰ উন্নয়নৰ বাবে ৱৰ্ল্ড বেংক এডিবি, জাইকাই পুঁজি আবণ্টন দিছে। অসমৰ কাৰণে কেবাটাও প্ৰস্তাৱ লৈ কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকীক সাক্ষাৎ কৰিছিলো আৰু আশা কৰা ধৰণে সঁহাৰি লাভ কৰিছো বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us