/asomiyapratidin/media/media_files/2025/08/28/new-ap-web-2-14-2025-08-28-12-36-25.jpg)
ডিজিটেল ডেস্কঃ কেৰালাৰ বিখ্যাত গুৰুভায়ুৰ শ্ৰীকৃষ্ণ মন্দিৰত শেহতীয়াকৈ সংঘটিত হোৱা এক দুৰ্ঘটনাই সমাাজিক মাধ্যমত হুলস্থুলৰ সৃষ্টি কৰিছে। বিগ বছ মালয়ালম ছিজন ৬ ৰ চূড়ান্ত প্ৰতিযোগী জেচমিন জাফাৰে মন্দিৰৰ পবিত্ৰ পুখুৰীত ভৰি ধুই থকা এটা ৰিলে ৰাজ্যখনৰ প্ৰতিগৰাকী ধৰ্মপ্ৰাণ লোকৰ আৱেগত আঘাট হানিছে।
এই ঘটনাই ভক্তসকলক ক্ষুব্ধ কৰাই নহয়, মন্দিৰ পৰিচালনা সমিতিকো শুদ্ধিকৰণ ৰীতি-নীতি কৰিবলৈ বাধ্য কৰাইছে। যোৱা ২০ আগষ্টত জেচমিনে শ্ৰী কৃষ্ণ মন্দিৰ পৰিদৰ্শন কৰাৰ পৰাই বিতৰ্ক আৰম্ভ হৈছিল। দৰাচলতে, মন্দিৰটোক ‘দক্ষিণৰ দ্বাৰকা’ বুলিও কোৱা হয়।
এই মন্দিৰটো ভগৱান শ্ৰীকৃষ্ণৰ নামত উচৰ্গা কৰা হৈছে আৰু বছৰজুৰি ইয়ালৈ লাখ লাখ ভক্তই দৰ্শন কৰিবলৈ আহে। মন্দিৰৰ নিয়ম ইমানেই কঠোৰ যে অহিন্দু ইয়াত বিশেষকৈ বাহ্যিক চোতাল আৰু ৰুদ্ৰ তীৰ্থম (পবিত্ৰ পুখুৰী)ত প্ৰৱেশ কৰিব নোৱাৰে।
গুৰুবায়ুৰ নগৰত অৱস্থিত এই শ্ৰী কৃষ্ণ মন্দিৰভাগক কেৰেলাৰ আটাইতকৈ পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়। ই দক্ষিণ ভাৰতৰ অন্যতম প্ৰধান মন্দিৰ, য'ত ভগৱান বিষ্ণুৰ বালকৃষ্ণ অৱতাৰক পূজা কৰা হয়। মন্দিৰত বহি থকা ভগৱানৰ মূৰ্তিৰ চাৰিটা বাহু আছে, য’ত তেওঁ শংখ, গদা, চক্ৰ আৰু পদুম ধৰি ৰাখিছে।
তেওঁক উন্নিকৃষ্ণন নামেৰেও জনা যায়। এই মন্দিৰ দেৱতাৰ গুৰু বৃহস্পতি আৰু বায়ু দেৱে প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয়।মন কৰিবলগীয়া যে কেৰালাৰ এই স্থানত কেৱল হিন্দু ভক্তকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে। তেনেস্থলত জেচমিনৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত প্ৰকাশ হোৱা পাছত ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী।
এই ঘটনাৰ পাছত গুৰুভায়ুৰ দেৱস্বোমে ধৰ্মীয় আৱেগক আঘাত কৰা আৰু অশান্তিৰ সৃষ্টি কৰাৰ অভিযোগত জেচমিনৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰে। এই সন্দৰ্ভত ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জেচমিনে।
তেওঁ কয়, কোনো ধৰ্মীয় আৱেগত আঘাত দিয়া বা বিতৰ্কৰ সৃষ্টি কৰা মোৰ উদ্দেশ্যে নাছিল। অজ্ঞানতাৰ বাবে হোৱা মোৰ ভুলৰ বাবে মই ক্ষমা বিচাৰিছো।
উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনাৰ পাছতে মন্দিৰ কৰ্তৃপক্ষই বিগত ছয় দিনৰ ১৮টা পূজা আৰু ১৮টা শ্বেভেলি পুনৰ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰোপৰি ২৬ আগষ্টৰ পৰা ছয়দিনীয়া পুন্যহম শুদ্ধিকৰণ অনুষ্ঠানৰো আৰম্ভ কৰিছে।