ডিজিটেল ডেস্কঃ এগৰাকী সাহসী মহিলা। একমাত্ৰ সাহসৰ বলতে পুৰুষতান্ত্ৰিক সমাজখনত নিজৰ স্থান আৰু যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে তেওঁ। কেৰালাৰ অন্তৰ্গত থ্ৰিছুৰৰ ৪৬ বছৰীয়া এইগৰাকী জোচেফিন জোছ। অকলেই ১৯খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চল ভ্রমণেৰে অৱশেষত ইতিহাস ৰচি স্ব-গৃহত উপস্থিত হ'ল জোচেফিন।
চাৰিচকীয়া বাহনেৰে আৰম্ভ কৰা যাত্ৰাই তেওঁক লৈ গৈছিল লাডাখৰ ১৯,০২৪ ফুট উচ্চতাত থকা বিশ্বৰ সৰ্বোচ্চ মটৰযোগ্য পথ উমলিং লা পাছলৈ। উক্ত পথছোৱা সাধাৰণ চালকৰ বাবেই অধিক প্ৰত্যাহ্বানজনক। কিন্তু মনত কোনো শংকা নাৰাখি নিজ বাহনেৰে গন্তব্য স্থানলৈ আগুৱাই গৈছিল জোচেফিন।
মনোবিজ্ঞানৰ গৱেষণাৰ ডিগ্ৰীধাৰী জোচেফিনে ১৯ বছৰ ধৰি মুম্বাইৰ এটা শ্বেয়াৰ মাৰ্কেটিং কোম্পানীত গ্ৰাহক সেৱাৰ ৰাষ্ট্ৰীয় মুৰব্বী হিচাপে কৰ্মৰত আছিল। কিন্তু অসুস্থ মাতৃক চোৱা-চিতা কৰিবলৈ এদিন ঘৰলৈ উভতি আহিল জোচেফিন। পূৰ্বতেও বাইক আৰু চাৰিচকীয়া বাহনেৰে লাডাখ ভ্ৰমণ কৰা জোছে পুনৰ নিজক অনুপ্ৰেৰণ দি সাজু কৰিলে অন্য এক দীঘলীয়া ভ্ৰমণৰ বাবে।
২ অক্টোবৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল জোচেফিনে। এই ভ্ৰমণে তেওঁক প্রকৃতিৰ ৰূপ-মাধুৰ্য্য উপভোগৰ এক সুযোগ প্ৰদান কৰিছিল। অমৃতসৰলৈ যোৱা বাটত জোছে এদিনতে ৭৫০ কিলোমিটাৰ পথছোৱা গাড়ী চলাইছিল। বিভিন্ন ভ্ৰমণ স্থানত জোচেফিনে নতুন নতুন বাহনৰ সহায় লৈছিল।
অৱশ্যে এই যাত্ৰা ইমানো মসৃণ নাছিল। ভ্ৰমণসূচীৰ মাজতে ওড়িশাত বাইকাৰৰ এটা দলে তেওঁক আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। সৌভাগ্য়বশত জোচেফিনে নিজৰ লগত পেপাৰ স্প্ৰে আৰু কাঠৰ মাৰি মজুত ৰাখিছিল। ইয়াৰ সহায়তে কোনোমতে উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছিল জোছ।
জোচেফিনে এই যাত্ৰাত নিৰ্ধাৰিত সময়সূচী বজাই ৰাখিছিল। প্ৰতিদিনে পুৱা ৫ বজাৰ পৰা আৰম্ভ কৰা যাত্ৰা প্ৰতিদিনে সন্ধিয়া ৫:০০ বজাৰ ভিতৰত শেষ কৰিছিল।
উল্লেখ কৰা প্ৰয়োজন, এসময়ত মহিলাক শিক্ষাৰ বাবে অনুমতি নিদিয়া সমাজখনে তেওঁলোকক মৰুভূমিৰ ভিতৰতে আৱদ্ধ কৰি ৰখাৰ প্ৰয়াস কৰিছিল। কিন্তু সমাজৰ সেই কঠোৰ নিয়মৰ বিপৰীতে গৈ আজি মৰুভূমিৰ পৰা ওলাই মহাকাশলৈ বুলি খোজ দি সাহসিকতাৰ পৰিচয় দিছে জোচেফিন জোছ, মীনাক্ষী দাসৰ দৰে মহিলাসকলে।