/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/9e627868-7117-4244-9317-ec6809b97ed6/94dc50b7-b0e7-4955-8f67-96bb1d071572.jpg)
ডিজিটেল ডেস্কঃ এক হাঁহাকাৰ পৰিৱেশ। কেৰালাৰ ৱায়নাডত যেনিয়ে-তেনিয়ে কেৱল মৃতদেহ আৰু মৃতদেহ। ভয়ংকৰ ভূস্খলনৰ পাছত এতিয়াকৈ ৱায়নাডত ৩৫৮গৰাকী লোকৰ মৃত্যু হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে। এতিয়া ৩০০লোকৰ সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। ইফালে ১৮৭গৰাকী লোক আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে।
উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় সেনা, বায়ু সেনাৰ লগতে এন ডি আৰ এফে বিগত দিনকেইটাত দিনে-ৰাতিয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। সেনাৰ উদ্ধাৰকাৰ্যত নেতৃত্ব দিয়া কৰ্ণেল বিকাশ ৰাণাই কয় যে, আমি সম্ভৱপৰ সকলো উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। আমি আশাবাদী যে বহু লোকক আমি জীৱন্তে উদ্ধাৰ কৰিব পাৰিম।
এই ঘটনাৰ পাছতে ৱায়নাডৰ মপ্পডী চহৰত ১৭টা শিবিৰ স্থাপন কৰিছে প্ৰশাসনে। ৭০৭টা পৰিয়ালে এই আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে।