আকৌ ক'ভিড ১৯! কেৰালা, মুম্বাই, দিল্লীৰ চিকিৎসালয়ত বিচনা, অক্সিজেন সাজু ৰখাৰ নিৰ্দেশ...

মে’ মাহত কেৰালাত সৰ্বাধিক লোক ক’ভিড আক্ৰান্ত হৈ ২৭৩ ৰ ঘৰ স্পৰ্শ কৰাত স্বাস্থ্যমন্ত্রীয়ে সকলো জিলাৰ চিকিৎসালয়ত মাস্ক বাধ্যতামূলক কৰিছে। চুবুৰীয়া ৰাজ্য কৰ্ণাটকতো ক'ভিড আক্ৰান্তৰ সংখ্যা সামান্য বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
1covd

ডিজিটেল ডেস্কঃ  পুনৰ বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্য়া। ফলস্বৰূপে দিল্লী, কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে চিকিৎসালয়সমূহক সষ্টম কৰি ৰাখিছে। দিল্লী, মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত এই মাহত নতুনকৈ কোৰোনাত বহু লোক আক্ৰান্ত হৈছে।

Advertisment

দৰাচলতে দিল্লীত বিগত ৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যাই ২৩ ৰ ঘৰ স্পৰ্শ কৰিছে। অৱশ্যে এই পৰ্যন্ত কোনো লোকৰ মৃত্যু হোৱা নাই। দক্ষিণ এছিয়াত পুনৰ ক'ভিড আক্ৰান্তৰ বৃদ্ধিৰ কাৰণ সম্ভৱতঃ জে এন ১ ভেৰিয়েন্ট বুলি বিশেষজ্ঞ সকলে প্ৰকাশ কৰিছে।

বিশেষজ্ঞসকলে কয় যে এই ভেৰিয়েন্টটো যথেষ্ট সক্ৰিয় যদিও বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক এতিয়াও চিন্তাৰ কাৰণ হিচাপে উল্লেখ কৰা নাই। সাধাৰণতে ইয়াৰ লক্ষণসমূহ মৃদু। আক্ৰান্তসকল চাৰিদিনৰ ভিতৰত সুস্থ হৈ উঠে। কিছুমান সাধাৰণ লক্ষণ হ’ল জ্বৰ, নাকত পানী ওলোৱা, ডিঙিৰ বিষ, মূৰৰ বিষ, ভাগৰুৱা, ক্লান্তি।

দিল্লীত ২৩জন লোক ক’ভিড আক্ৰান্ত হোৱাৰ ফলত বিজেপি চৰকাৰে চিকিৎসালয়সমূহক বিচনা, অক্সিজেন চিলিণ্ডাৰ, টেষ্টিং কিট, ভেকচিন আদিৰ উপলব্ধতা বজাই ৰাখিবলৈ নিৰ্দেশ দিছে। স্বাস্থ্যমন্ত্ৰী পংকজ সিঙে কয় যে শেহতীয়া ভিন্নতাটো “কেৱল সাধাৰণ ইনফ্লুৱেঞ্জাৰ দৰে” হোৱাৰ বাবে আতংকিত হোৱাৰ প্ৰয়োজন নাই।

লক্ষ্যণীয় যে, মে’ মাহত কেৰালাত সৰ্বাধিক লোক ক’ভিড আক্ৰান্ত হৈ ২৭৩ ৰ ঘৰ স্পৰ্শ কৰাত স্বাস্থ্যমন্ত্রীয়ে সকলো জিলাৰ চিকিৎসালয়ত মাস্ক বাধ্যতামূলক কৰিছে। চুবুৰীয়া ৰাজ্য কৰ্ণাটকতো ক'ভিড আক্ৰান্তৰ সংখ্যা সামান্য বৃদ্ধি পাইছে।

এই পৰ্যন্ত ৩৫ জন লোক ক'ভিডত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত আছে হোস্কোটেৰ এটি ন মহীয়া কেঁচুৱা। গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (SARI)ৰ লক্ষণ থকাসকলক পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

মহাৰাষ্ট্ৰৰ মুঠ ক'ভিড সংক্ৰমণৰ অধিকাংশই মুম্বাইৰ অন্তৰ্গত। মে’ মাহত এতিয়ালৈকে ৯৫ জন লোক আক্ৰান্ত হৈছে। অৱশ্যে চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ কম হোৱাত মাত্ৰ ১৬ জন ৰোগীহে ভৰ্তি হৈছে। বিএমচিয়ে SARI লক্ষণ থকা সকলো ৰোগীকে Covid টেষ্ট কৰাৰ পৰামৰ্শ দিছে।

মহাৰাষ্ট্ৰৰ থানেত যোৱা তিনিদিনত ১০ জনকৈ কোভিড আক্ৰান্ত ধৰা পৰিছে। স্বাস্থ্য বিভাগে জনোৱা মতে, সকলো স্বাস্থ্য কেন্দ্ৰতে ঔষধৰ পৰ্যাপ্ত মজুত ৰখা হৈছে। ইফালে অন্ধ্ৰ প্ৰদেশত এই ৰোগৰ বিশেষ প্ৰভাৱ পৰলক্ষিত হোৱা নাই যদিও স্বাস্থ্য কেন্দ্ৰসমূহক ভেকচিন, পিপিই কিট আৰু ট্ৰিপল লেয়াৰ মাস্কৰ পৰ্যাপ্ত যোগান ধৰি ৰাখিবলৈ নিৰ্দেশ দিছে। 

মুম্বাই দিল্লী