স্বামীয়ে বাধা দিয়াৰ পাছতো গোপনে বাৰে বাৰে অন্য পুৰুষক ফোন কৰাটো বৈবাহিক ক্ৰুৰতাৰ সমান- উচ্চ ন্যায়ালয়

স্বামীয়ে বাধা দিয়াৰ পাছতো গোপনে বাৰে বাৰে অন্য পুৰুষক ফোন কৰাটো বৈবাহিক ক্ৰুৰতাৰ সমান- উচ্চ ন্যায়ালয়

author-image
asomiyapratidin
New Update
গোপনে হৈ গ’ল আৰু এখন বিয়া…ভাইৰেল PHOTO

ডিজিটেল ডেস্ক: বিবাদ-বিচ্ছেদৰ লগত জড়িত এক গোচৰত গুৰুত্বপূৰ্ণ কিছুদিন পূৰ্বে ৰায়দান কৰে কেৰল উচ্চ ন্যায়ালয়ে। বিবাহ-বিচ্ছেদত অনুমতি প্ৰদান কৰি ন্যায়ালয়ে কয় য়ে স্বামীয়ে বাধা দিয়াৰ পাছতো অন্য পুৰুষক গোপনে ফোন কৰাটো বৈবাহিক ক্ৰুৰতাৰ সমান। তালাকৰ বাবে কৰা আবেদনত স্বামীয়ে তেওঁৰ পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছিল যে বিয়াৰ পূৰ্বে তেওঁৰ পত্নীৰ কোনো পুৰুষৰ লগত সম্পৰ্ক আছিল আৰু বিয়াৰ পাছতো সম্পৰ্ক ৰাখিছিল।

উল্লেখ্য যে, প্ৰথমে ফেমেলী কোৰ্টে স্বামীৰ তালাকত মঞ্জুৰী প্ৰদান নকৰিলে আৰু পাছত এই সন্দৰ্ভত তেওঁ কেৰল উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল।জানিব পৰা মতে দুয়োৰে বিয়া হৈছিল ২০০৬ চনত।

শুনানিৰ সময়ত ন্যায়ালয়ত ২০১২ আৰু ২০১৩ চনৰ ফোন কলৰ ৰেকৰ্ড প্ৰদান কৰা হয়। এই গোচৰ সন্দৰ্ভত পত্নীয়ে কৈছিল যে কিবা কাম থাকিলেহে তেওঁ মানুহ জনক ফোন কৰিছিল।কিন্তু ন্যায়ালয়ত প্ৰদান কৰা তথ্যত দেখিবলৈ পোৱা যায় যে দিনত বহু কেইবাৰ কথা হৈছিল তেওঁলোকৰ মাজত। দিনত ১০ বাৰ পৰ্যন্ত ফোন কৰিছিল এজনে আনজনক।

আদালতে মহিলা গৰাকীৰ স্বামীক তালাকৰ মঞ্জুৰী প্ৰদান কৰি কয় যে স্বামীয়ে তেওঁক বাধা দিছিল অন্য পুৰুষজনক ফোন কৰাত। স্বামীয়ে অন্য পুৰুষক ফোন কৰাটো পচন্দ নকৰা বুলি গ'ম পোৱাৰ পিছতো পত্নীয়ে দিনত বাৰে বাৰে তেওঁলৈ ফোন কৰিছিল।এয়াও প্ৰমাণ হৈছে যে মহিলা গৰাকীয়ে মিছা কৈছে।স্বামীৰ সতৰ্কবাণীৰ পাছতো অন্য পুৰুষৰ লগত বাৰে বাৰে গোপনে ফোনত কথা পতাটো বৈবাহিক ক্ৰুৰতাৰ সমান।

wife talaq kerala high court husband divorce