কেৰালাত ভয়াবহ পথ দু্ৰ্ঘটনা, নিহত হয় কেইবাজনো ছাত্ৰ

কেৰালাৰ আলাপ্পুহাত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ।  কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ এখন বাছৰ সৈতে চাৰিচকীয়া বাহনৰ মুখামুখী সংঘৰ্ষত প্ৰাণ হেৰুৱাই ৫ জনকৈ এম.বি.বি.এছৰ ছাত্ৰই ।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

ডিজিটেল ডেস্কঃ  কেৰালাৰ আলাপ্পুহাত সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা ।  কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ এখন বাছৰ সৈতে চাৰিচকীয়া বাহনৰ মুখামুখী সংঘৰ্ষত প্ৰাণ হেৰুৱাই ৫ জনকৈ এম.বি.বি.এছৰ ছাত্ৰই ।

আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে নিশা ১০ বজাত সংঘটিত হৈছিল দুৰ্ঘটনাটো । দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে ভাঙি চূৰ-মাৰ হয় ছাত্ৰ কেইজনে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখন ।

এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ আছিল আটাইকেইজন  । কিন্তু বৰ্তমানলৈ পৰিচয় চিনাক্ত কৰিব পৰা হোৱা নাই ছাত্ৰ কেইজনৰ ।

পথ দুৰ্ঘটনা কেৰালা