Advertisment

ৰাস উৎসৱৰ লগত সংগতি ৰাখি কুজি সত্ৰত কেলিগোপাল নাট

মনোৰঞ্জন গোস্বামীয়ে পৰিচালনা কৰা নাটখনত সংগীত পৰিচালনা কৰে দিপাংক গিৰি দেৱ গোস্বামীয়ে। শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰৰ মঞ্চত অনুষ্ঠিত নাটখনি উপভোগ কৰি দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰে

author-image
Asomiya Pratidin
New Update
bhaona

ডিজিটেল সংবাদ, বটদ্ৰৱা : কৃষ্ণ বন্দনাত মুখৰ হৈ পৰিল ঐতিহ্যমণ্ডিত কুজি সত্ৰ। ভগৱৎ প্ৰেমৰ নিদৰ্শন দাঙি ধৰি সত্ৰৰ যুৱক যুৱতীসকলে পৰিবেশন কৰিলে কেলিগোপাল নাট।

Advertisment

ভগৱান শ্ৰীকৃষ্ণৰ ৰাস উৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰ নিশা বটদ্ৰৱা থানৰ দক্ষিণ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত কুজি সত্ৰত কেলিগোপাল নাটক মঞ্চস্থ কৰা হয়। কুজিসত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে শুভাৰম্ভ কৰা কেলিগোপাল নাটখনিত সত্ৰৰ যুৱক যুৱতীসকলে অভিনয় কৰে।

মনোৰঞ্জন গোস্বামীয়ে পৰিচালনা কৰা নাটখনত সংগীত পৰিচালনা কৰে দিপাংক গিৰি দেৱ গোস্বামীয়ে। শ্ৰীমন্ত শংকৰদেৱ কলাকেন্দ্ৰৰ মঞ্চত অনুষ্ঠিত নাটখনি উপভোগ কৰি দৰ্শকসকল মন্ত্ৰমুগ্ধ হৈ পৰে।

বটদ্ৰৱা ৰাস