কাষ চাপি আহিছে ২০২৪ৰ নিৰ্বাচন, সাজু হৈছে কেজৰিৱাল…

কাষ চাপি আহিছে ২০২৪ৰ নিৰ্বাচন, সাজু হৈছে কেজৰিৱাল…

author-image
asomiyapratidin
New Update
কাষ চাপি আহিছে ২০২৪ৰ নিৰ্বাচন, সাজু হৈছে কেজৰিৱাল…

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষক শীৰ্ষলৈ নিয়াৰ আহ্বানেৰে ২০২৪ ৰ নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভণি কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে । ১৭ আগষ্টৰ আবেলি সকলো ৰাজনৈতিক দলৰ কৰ্মীসকলক আৰু নাগৰিকক উদ্দেশ্যি এই আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । বিগত কেইবাটাও দিন ধৰি চলি অহা বিনামূলীয়া শিক্ষা আৰু চিকিৎসা সন্দৰ্ভত চলি থকা বিতৰ্কৰ অন্ত পেলাবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে দেশক উন্নতিৰ শীৰ্ষলৈ নিবলৈ বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্যসেৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য দিয়ে কেজৰিৱালে । ইয়াৰ উপৰিও নিবনুৱাৰ নিযুক্তি, মহিলাৰ সম অধিকাৰ আৰু মৰ্যাদা তথা কৃষকসকলক ফচলৰ উচিত মূল্য প্ৰদানৰ প্ৰয়োজনীয়তাৰ দাবী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Advertisment

কেজৰিৱালৰ মতে, দেশৰ প্ৰতিটো শিশুৱে শিক্ষা লাভ কৰাটো আমাৰ প্ৰথম কৰ্তব্য আৰু প্ৰতিজন নাগৰিকে বিনামূলীয়া  উন্নত চিকিৎসা লাভ কৰাটো আমাৰ দ্বিতীয় কৰ্তব্য ।দেশৰ প্ৰত্যেকটো চুকে-কোণে বিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰাৰ আহ্বান কেজৰিৱালৰ।

আৰু পঢ়ক :সৰ্বানন্দক অন্তৰ্ভুক্ত, বিজেপিৰ কেন্দ্রীয় সংসদীয় ব'ৰ্ডৰ পৰা বাদ পৰিল বহু শীৰ্ষ নেতা…

health election india arvind kejriwal education