স্বাধীনতাৰ ৭৫ বছৰ পাছতো ভাৰত বহু পিছপৰি ৰৈছে, ভাৰতক ১নম্বৰ ৰাষ্ট্ৰ বনামেই: কেজৰিৱাল

স্বাধীনতাৰ ৭৫ বছৰ পাছতো ভাৰত বহু পিছপৰি ৰৈছে, ভাৰতক ১নম্বৰ ৰাষ্ট্ৰ বনামেই: কেজৰিৱাল

author-image
asomiyapratidin
New Update
দিল্লীত আকৌ ৰেহাইঃ সোমবাৰৰ পৰা খোলা দোকান-বজাৰ…

ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে বুধবাৰে দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত 'মেক ইণ্ডিয়া নম্বৰ ৱান' অভিযান আৰম্ভ কৰে । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, "আজি আমি প্ৰতিশ্ৰুতি লওঁ যে যেতিয়ালৈকে ভাৰতক এক নম্বৰ দেশ নকৰো, আমি হাৰ নামানো। মই সমগ্ৰ দেশ ঘূৰিম সকলোকে একত্ৰিত কৰিম, আমি ১৩০ কোটি লোকৰ মিত্ৰতা গঠন কৰিম আৰু যেতিয়া ১৩০ কোটি মানুহে যোগদান কৰিব, কোনেও ভাৰতক এক নম্বৰ হোৱাৰ পৰা বাধা দিব নোৱাৰে" ।

Advertisment

আমি এই ৭৫ বছৰত বহুত অৰ্জন কৰিছো। ভাৰতে যথেষ্ট সফলতা অৰ্জন কৰিছে কিন্তু জনসাধাৰণৰ মাজত ক্ষোভ আছে যে কিয়নো স্বাধীনতাৰ ইমান বছৰ পাছতো বহু কেইখন দেশতকৈ আমি পিছ পৰি আছো।

তেওঁ লগতে কয় যে, "ছিংগাপুৰে আমাতকৈ ১৫ বছৰৰ পিছত স্বাধীন হৈছিল কিন্তু এতিয়া আমাক অতিক্ৰম কৰিলে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপান ধ্বংস হৈছিল কিন্তু আজি আমাৰ আগত আছে। ভাৰত কিয় পিছ পৰি আছে, ভাৰতৰ প্ৰতিজন নাগৰিকে এই কথা প্ৰশ্ন কৰিছে। তেওঁ কয় যে ভাৰতৰ জনসাধাৰণ হৈছে বিশ্বৰ আটাইতকৈ বুদ্ধিমান আৰু পৰিশ্ৰমী লোক, ভাৰতৰ জনসাধাৰণ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ লোক কিন্তু তথাপিও আমি পিছ পৰি আছোঁ?

আৰু পঢ়ক: সৰ্বানন্দক অন্তৰ্ভুক্ত, বিজেপিৰ কেন্দ্রীয় সংসদীয় ব'ৰ্ডৰ পৰা বাদ পৰিল বহু শীৰ্ষ নেতা …

delhi aap arvind kejriwal