/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kejriwal-1.jpg)
ডিজিটেল ডেস্ক : সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ'দিয়া দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ ৰাওনা হ'ব। এইবাৰ লক্ষ্য বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গাওনা হব কেজৰিৱাল আৰু ছিচ'দিয়া।
নিৰ্বাচনমুখী গুজৰাটলৈ যাত্ৰা কৰিব আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ তদন্তৰ সন্মুখীন হোৱা মনীষ ছিচ'দিয়া। কিন্তু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হব পাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ'দিয়া। আম আদমী পাৰ্টীৰ দুয়োগৰাকী নেতাই আহমেদাবাদত উপস্থিত হৈ হিম্মতনগৰত সভা সভাসম্বোধন কৰিব আৰু মঙলবাৰে ভাৱনগৰৰ টাউনহল সভাত অংশগ্ৰহণ কৰিব।
দিল্লীৰ দৰে গুজৰাটতো ভাল বিদ্যালয়, ভাল চিকিৎসালয় আৰু মহল্লাক্লিনিক থকাৰ উপৰিও সকলোৱে বিনামূলীয়া আৰু ভাল শিক্ষা আৰু ভাল চিকিৎসা লাভ কৰিব গুজৰাটবাসীয়ে। সেই উদ্দেশ্যৰে কেজৰিৱাল ৰাওনা হ'ব গুজৰাটলৈ।