/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6730ef2f-cf09-4cc0-97f5-95f9db024596/gujrat_kejriwal.jpg)
ডিজিটেল ডেস্কঃ সমাগত গুজৰাট বিধানসভা নিৰ্বাচন। ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে শাসক বিৰোধী উভয়ে। পিছ পৰি ৰোৱা নাই আম আদমী পাৰ্টীও।
শাসনাধিষ্ঠিত বি জে পিক ওফৰাবলৈ নিৰ্বাচনী সমীকৰণত ব্যস্ত আম আদমী পাৰ্টী। সেয়েহে একাধিক প্ৰতিশ্ৰুতিৰে আপৰ শীৰ্ষ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাটত বাহৰ পাতিছে।
মঙলবাৰে সংবাদ মেলত কেজৰিৱালে কয় যে যদি আম আদমী পাৰ্টীয়ে এই বছৰৰ ডিচেম্বৰত গুজৰাটত হ'বলগীয়া নিৰ্বাচনত ক্ষমতালৈ আহে তেন্তে পঞ্জাৱৰ দৰে গুজৰাটৰ চৰকাৰী কৰ্মচাৰী সকলৰ বাবে পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হ'ব।
লগতে কেজৰিৱালে সংবাদ মাধ্যমৰ জনায় যে গুজৰাটৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে তেখেত সকলৰ পুৰণি পেঞ্চন আঁচনি ৰূপায়ণৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল।সেয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতি দিওঁ যে যেতিয়া আপে চৰকাৰ গঠন কৰিব, আমি গুজৰাটত পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰিম।