আকৌ দুৰ্ঘটনা! কেদাৰনাথত হেলিকপ্টাৰ ভূপতিত হৈ মৃত্যু পাইলটসহ ৬যাত্ৰী...

কালিকা লাগিছে! আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছতে কেদাৰনাথত ভূপতিত হয় এখন হেলিকপ্টাৰ। এই দুৰ্ঘটনাত পাইলটসহ ৬গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য সদৰি কৰিছে প্ৰশাসনে।

New Update
kkkুুু

ডিজিটেল ডেস্কঃ কালিকা লাগিছে! আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পাছতে কেদাৰনাথত ভূপতিত হয় এখন হেলিকপ্টাৰ। এই দুৰ্ঘটনাত পাইলটসহ ৬গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য সদৰি কৰিছে প্ৰশাসনে। ৰুদ্ৰপ্ৰয়াগ জিলাত গৌৰীকুণ্ডৰ অৰণ্যত ভূপতিত হয় হেলিকপ্টাৰখন। বৰ্তমানেও ঘটনাস্থলীত উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

Advertisment

বিমানখনত পাইলটসহ ৫গৰাকী প্ৰাপ্তবয়স্ক আৰু এটি শিশুও আছিল বুলি জানিব পৰা গৈছে। হেলিকপ্টাৰত থকা যাত্ৰীসকল উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ বাসিন্দা। আজি পুৱা ৫.২০বজাত হেলিকপ্টাৰখন ৰাওনা হৈছিল গুপ্তকাশীৰ অভিমুখে। তাৰ পিছতে সংঘটিত হয় এই শোকাৱহ ঘটনাতো। 

সমগ্ৰ ঘটনাক লৈ এক্সযোগে শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে। 

কেদাৰনাথ