উত্তৰাখণ্ডৰ কেদাৰনাথ যাত্ৰা স্থগিতঃ ধাৰাসাৰ বৰষুণৰ ফলত বহু স্থানত ভূমিস্খলন, বিচ্ছিন্ন পথ

উত্তৰাখণ্ডৰ কেদাৰনাথ যাত্ৰা দুদিনৰ পৰা তিনিদিনৰ বাবে স্থগিত ৰখা হৈছে। এই অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথলৈ যোৱা পথটোত বহু ক্ষতিগ্ৰস্ত হৈছে।

author-image
Asomiya Pratidin
New Update
উত্তৰাখণ্ডৰ কেদাৰনাথ যাত্ৰা স্থগিতঃ ধাৰাসাৰ বৰষুণৰ ফলত বহু স্থানত ভূমিস্খলন, বিচ্ছিন্ন পথ

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ কেদাৰনাথ যাত্ৰা দুদিনৰ পৰা তিনিদিনৰ বাবে স্থগিত ৰখা হৈছে। এই অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথলৈ যোৱা পথটোত বহু ক্ষতিগ্ৰস্ত হৈছে।

Advertisment

ধাৰাবাহিক বৰষুণৰ ফলত অঞ্চলটোৰ বহু স্থানত ভূমিস্খলনে ভয়ানক ৰূপ ধাৰণ কৰিছে। পাহাৰৰ পৰা শিল গৌৰীকুণ্ড আৰু সোণপ্ৰয়াগৰ মাজৰ পথত বাগৰি পৰিছে। ঠায়ে ঠায়ে বিচ্ছিন্ন হৈছে পথ।

যাৰ বাবে কেদাৰনাথ অভিমুখী পথৰে যাতায়ত অসম্ভৱ হৈ পৰিছে। এই পথটোত প্ৰতিকুল বতৰৰ বাবে ধাৰাবাহিকভাৱে পাহাৰৰ শিল খহি পৰাৰ বাবে আৰু বতৰৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে আগন্তুক দুই-তিনি দিনৰ বাবে যাত্ৰা পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক অক্ষয় প্ৰহ্লাদ কোণ্ডে এই সন্দৰ্ভত কয় যে, "এই পথটোৰ বিকল্প পদপথটোও ভাঙি গৈছে। পথটোক পুনৰ কাৰ্যক্ষম কৰিবলৈ অতি কমেও দুদিনৰ পৰা তিনিদিন সময় লাগিব পাৰে।"

তেওঁ কয়, "যোৱা সোমবাৰে সন্ধিয়াৰ পৰা বন্ধ হৈ থকা মুংকটিয়া আৰু গৌৰীকুণ্ডৰ মাজৰ প্ৰায় ৫০ৰ পৰা ৭০ মিটাৰ পথ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।" অক্ষয় প্ৰহ্লাদে আৰু কয় যে, "গৌৰীকুণ্ডৰ দিশে আবদ্ধ হৈ থকা বহু তীৰ্থযাত্ৰী আৱদ্ধ হৈ আছে। তেওঁলোক উদ্ধাৰৰ চেষ্টা অব্যাহত আছে। 

উত্তৰাখণ্ড কেদাৰনাথ