ভক্তৰ বাবে ২ মে'ত খোল খাব বাবা কেদাৰনাথৰ দুৱাৰ

কেদাৰনাথ ধামত প্ৰতিষ্ঠিত জ্যোতিৰ্লিংগ ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম লগতে পঞ্চ কেদাৰৰ ভিতৰত এই ধামৰ এক বিশেষ স্থান আছে। প্ৰতি বছৰে প্ৰচণ্ড বৰফ পৰাৰ বাবে শীতকালত ছমাহ বন্ধ হৈ থাকে কেদাৰনাথ ধাম। 

author-image
Asomiya Pratidin
New Update
zcz

ডিজিটেল ডেস্কঃ মহাশিৱৰাত্ৰি উপলক্ষে বাবা কেদাৰনাথৰ ভক্তসকলৰ বাবে এক সুখবৰ। মহাশিৱৰাত্ৰিৰ শুভ ক্ষণত বাব কেদাৰনাথৰ মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ দিন ঘোষণা কৰা হৈছে। এইবাৰ ২ মে’ৰ পৰা বৃষ ৰাশিত পুৱা ৭ বজাত কেদাৰনাথ ধামৰ দুৱাৰ মুকলি হ’ব।

ইয়াৰ সমান্তৰালকৈ আৰম্ভ হ’ব চৰ ধাম যাত্ৰা। কেদাৰনাথ ধামত প্ৰতিষ্ঠিত জ্যোতিৰ্লিংগ ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম লগতে পঞ্চ কেদাৰৰ ভিতৰত এই ধামৰ এক বিশেষ স্থান আছে। প্ৰতি বছৰে প্ৰচণ্ড বৰফ পৰাৰ বাবে শীতকালত ছমাহ বন্ধ হৈ থাকে কেদাৰনাথ ধাম। 

উল্লেখ্য যে, বিখ্যাত কেদাৰনাথ ধাম উত্তৰাখণ্ডৰ চাৰি ধামৰ ভিতৰত অন্যতম। ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুণ্ডৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ দূৰত্বত কেদাৰনাথ মন্দিৰ অৱস্থিত। পুৰাণ মতে ভগৱান ভোলেনাথৰ বাসগৃহ এই কেদাৰনাথ। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই কেদাৰনাথলৈ যায় ভোলেনাথক দৰ্শন কৰিবলৈ। ভক্তসকলৰ বিশ্বাস কেদাৰনাথ পৰিদৰ্শনে পূৰণ কৰে মনোবাঞ্চা।

কেদাৰনাথ