/asomiyapratidin/media/media_files/2025/05/02/WUJkqOvPdoUfHF8cjTLO.jpg)
কেদাৰনাথ ধামৰ দ্বাৰ মুকলি
ডিজিটেল ডেস্ক : ঔমঃ ত্ৰয়ম্বকম্ য়জামহে সুগন্ধিং পুষ্টিৱৰ্ধনম্ উৰ্বাৰোকমিৱবন্ধানাৎ, মৃত্যুৰ্মোক্ষিয়া মাম্ৰিতাঃ। ভক্তৰ বাবে মুকলি কৰা হ’ল কেদাৰনাথ ধামৰ দ্বাৰ।
২মে’ ২০২৫ৰ পুৱা ৭-০০ বজাৰ লগে লগে বেদ –মন্ত্ৰ আৰু দেৱবাদ্যৰ ধ্বনিৰে মুকলি কৰা হ’ল উত্তৰাখণ্ডৰ সুউচ্চ পাহাৰত থকা কেদাৰনাথ ধামৰ দ্বাৰ। উল্লেখযোগ্য যে, তুষাৰাবৃত পাহাৰত অৱস্থিত কেদাৰনাথ ধাম শীতকালত বন্ধ ৰখা হয়।
এই সময়ছোৱাত ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰে প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিয়ে। তাৰোপৰি এই সময়ছোৱাত কোনোৱে পূজা- অৰ্চনা অথবা শৰাই- নৈবদ্য আদি অৰ্পণ কৰিব নোৱাৰে। আনহাতে গ্ৰীষ্ম ঋতু পৰাৰ লগে লগে খোলা হয় মন্দিৰৰ দ্বাৰ। ইয়াৰ পাছৰে পৰা পূৰ্বৰ দৰে ভক্তসকলে মন্দিৰ দৰ্শন কৰিব পাৰে।
আজি এক মাংগলিক পৰিৱেশৰ মাজত মন্দিৰৰ দ্বাৰ খোলাৰ লগে লগে অসংখ্য ভক্তৰ সমাগম হয়।