কাজিৰঙাত তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্তঃ আহত চালক

কাজিৰঙাত তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্তঃ আহত চালক

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত তেলৰ টেংকাৰ দুৰ্ঘটনাগ্ৰস্তঃ আহত চালক

ডিজিটেল সংবাদ,কাজিৰঙাঃ কাজিৰঙাত মঙলবাৰে নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। কাজিৰঙাৰ বচা গাঁৱত নুমলীগড় দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS01 MC 3083 নম্বৰৰ তেলৰ টেংকাৰখন ৰাজপথৰ পৰা বাগৰি পৰে। আৰক্ষীয়ে টেংকাৰ খন খাৱৈৰ পৰা উঠাই ক্রেনৰ সহায়ত কঁহৰা অভিমুখে আনি থকা অৱস্থাত একে দিশেৰে এখন ট্ৰাক আহি টেংকাৰখনক পাছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ট্ৰাকখনৰ নম্বৰ NL07 AA 0311 ।

Advertisment

দুৰ্ঘটনাত পতিত হোৱা বাহনৰ ভিতৰত এঘণ্টা ধৰি আৱদ্ধ হৈ থাকে চালক ৰাহুল দাস। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চালকজনৰ দুয়োখন ভৰি আৱদ্ধ হৈ পৰে।মূৰত গুৰুতৰভাৱে আঘাত পায়। চালকক উদ্ধাৰ কৰি কান্ধত তুলি লয় কঁহৰা যান বাহন আৰক্ষীৰ কনিষ্টবল মৃদুল বৰাই। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অৱশেষত চালকজনক কঁহৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

kaziranga oil tanker accident