বহনক্ষম পৰ্যটনৰ যোগেদি আধুনিক কাজিৰঙা গঢ়ি তোলাৰ সংকল্পৰে কাজিৰঙাত উদ্‌যাপন বিশ্ব পৰ্যটন দিৱস...

বহনক্ষম পৰ্যটনৰ যোগেদি আধুনিক কাজিৰঙা গঢ়ি তোলাৰ সংকল্পৰে কাজিৰঙাত উদ্‌যাপন বিশ্ব পৰ্যটন দিৱস...
Published on
Updated on

ডিজিটেল সংবাদ, কাজিৰঙাঃ বহনক্ষম পৰ্যটনৰ যোগেদি আধুনিক কাজিৰঙা গঢ়ি তোলাৰ সংকল্পৰে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত উদ্‌যাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস৷ ভাৰত পৰ্যটন আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ যৌথ উদ্যোগত কাজিৰঙা পৰ্যটনৰ কেন্দ্ৰবিন্দু কহঁৰাত বিশ্ব পৰ্যটন দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চ আৰু কাজিৰঙা অধ্যয়ন চক্ৰৰ আয়োজনত অনুষ্ঠিত এই পৰ্যটন দিৱসৰ কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল, কাজিৰঙা ট্যুৰিজিম ডেভেলপমেণ্ট চ’ছাইটি, কাজিৰঙা হোটেল এণ্ড ৰিজ’ৰ্ট এচ’ছিয়েছন, কাজিৰঙা উন্নয়ন আৰু জীপ ছাফাৰি সন্থা, কাজিৰঙা চাইক্লিং ক্লাৱ, গ্ৰাছ কাজিৰঙা, কাজিৰঙা এলিফেণ্ট ছাফাৰি এচ’ছিয়েছন, কাজিৰঙা ট্যুৰিষ্ট গাইড এচ’ছিয়েছন, লাংক্ৰী এণ্ড কিন্দুলাংচু ইক’ ট্যুৰিজিম গ্ৰুপ, ইংলেপথাৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি, কাজিৰঙা পৰ্যটন ব্যৱসায়ী কল্যাণ সমিতি, আসাম ট্যুৰিষ্ট গাইড এচ’ছিয়েছন আদিকে ধৰি প্ৰায় কুৰিটা সংগঠনৰ সহযোগিতা আগবঢ়ায়৷

“পৰ্যটন আৰু শান্তি” বিষয়বস্তু লৈ আয়োজন কৰা এই পৰ্যটন দিৱস উপলক্ষে পুৱাই শতাধিক লোকৰ সমাগমেৰে পৰ্যটনথলীত সমূহীয়াকৈ চাফাই কাৰ্যসূচী লোৱা হয়৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বোকাখাতৰ বিষয়া-কৰ্মচাৰীসকলেও সহযোগিতা আগবঢ়োৱা এই চাফাই কাৰ্যসূচীৰ যোগেদি কাজিৰঙাক জাবৰমুক্ত কৰি ৰখাৰ বাবে সকলোপক্ষকে আহ্বান জনোৱা হয়৷ ইপিনে, সমূহীয়া চাফাইৰ পাছতে ৩০ গৰাকী চাইকেল আৰোহীয়ে চাইক্লিঙৰ দ্বাৰা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে৷

এই চাইকেল ৰেলী মুকলি অনুষ্ঠানত উপস্থিত থাকি কাজিৰঙা বনাঞ্চলৰ বনবিষয়া ড° বিভূতিৰঞ্জন গগৈয়ে কয় যে কাজিৰঙা সুৰক্ষা কৰি ৰখাৰ দায়িত্ব সকলোৰে৷ পৰ্যটন দিৱস উপলক্ষে কাজিৰঙা অধ্যয়ন চক্ৰ, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চকে ধৰি বিভিন্ন দল-সংগঠনৰ সহযোগিতাৰে যি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, ই সঁচাকৈ আদৰণীয়৷ চাফচিকুণৰ জৰিয়তেএটা সুস্থ বাতাবৰণ গঢ়ি তুলিবৰ বাবেও তেখেতে আহ্বান জনায়৷

আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বোকাখাত সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জিলাছউদ্দিন লস্কৰে কয় যে মহামানৱ মহাত্মা গান্ধীৰ স্বচ্চতাই সেৱা শ্ল’গানক সৰোগত কৰি চৰকাৰীভাৱে গ্ৰহণ কৰা কাৰ্যসূচীক জনগণেও আদৰি লোৱাটো ভাল লক্ষণ৷ তেখেতে সকলোকে পৰিষ্কাৰ কাজিৰঙা আৰু জাবৰমুক্ত কাজিৰঙা কৰি ৰাখিবলৈ আহ্বান জনায়৷ চাইকেল ৰেলীৰ পাছতেই বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সাংগঠনিক সম্পাদক চন্দন নাথে avoid plastic শ্ল’গানেৰে সজাগতা আনিবৰ প্ৰয়াস কৰে৷

চন্দন নাথে প্লাষ্টিকৰ বটলত পানী খোৱাৰ সলনি বাঁহৰ চুঙাত পানী খাবৰ বাবে বিগত পাঁচ বছৰে কাজিৰঙালৈ আগমণ ঘটা পৰ্যটকৰ মাজত আহ্বান জনাই আহিছে৷ ইপিনে, ইয়াৰ পাছতে পি এম শ্ৰী কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলত পৰ্যটন দিৱসৰ তাৎপৰ্য ব্যাখ্যাৰে ছাত্ৰ-ছাত্ৰীসকলৰ স’তে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভূৱন খতিয়ৰাৰ লগতে শিক্ষকসকলৰ উপস্থিতিত অৱসৰপ্ৰাপ্ত পৰ্যটন বিষয়া তৰুণ গগৈ, কাজিৰঙা পৰ্যটনৰ স’তে জড়িত চন্দন গগৈ, দেৱপ্ৰদীপ বৰা, বিমল শৰ্মা আদিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত বিশ্ব পৰ্যটন দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে৷ আনহাতে, এই সমল ব্যক্তি সকলৰ দ্বাৰা বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰে মত বিনিময় কৰা হয়৷

এই অনুষ্ঠানৰ পাছতেই কাজিৰঙাৰ অৰণ্য পৰ্যটন নিৱাসত এক আলোচনা সভা অনুষ্ঠিত কৰা হয়৷ কহঁৰাৰ অৰণ্য পৰ্যটন নিবাসত অনুষ্ঠিত আলোচনা চক্ৰত অৱসৰ প্ৰাপ্ত পৰ্যটন বিষয়া তৰুণ গগৈ, পৰ্যটন ব্যৱসায়ী তুলসী বৰদলৈ, বিমল শৰ্মা, আৰণ্যকৰ প্ৰকল্প সমন্বয়ক আৰিফ হুছেইন, পৰ্যটন কৰ্মী কুমুদ বৰা, সমাজকৰ্মী হৰিৰাম ইংতি, মহিলা পৰ্যটন উদ্যোগী মাইনা ক্ৰামচাপি, কাজিৰঙা অধ্যয়ন চক্ৰৰ যতীন কলিতা আদিৰ লগতে কাজিৰঙাৰ দাঁতি কাষৰীয়া থলুৱা পৰ্যটন ব্যৱসায়ী প্ৰতিনিধি একাংশ উপস্থিত থাকে৷

বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা আলোচনা সভাত মঞ্চৰ সভাপতি স্বপন নাথ, উপ সভাপতি বিতোপন মাজি, ইমৰাণ আলী, যুটীয়া সম্পাদক কিষাণ ছেত্ৰী, হোমেন গগৈৰ লগতে শৈলেন দাস, ৰাজু হুছেইন, জয়ন্ত গগৈ আদি উপস্থিত থাকে৷ আলোচনা সভাত আগন্তুক পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকক আদৰিবলৈ কিদৰে থলুৱা পৰ্যটন ব্যৱসায়ী সকল প্ৰস্তুত হৈছে তথা পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে পৰ্যটন উন্নয়ন হ’ব সেই সন্দৰ্ভত বিশদ আলোচনা কৰা হয়৷ ইপিনে, আঘোণ নামৰ এটা সংগঠনৰ লগতে চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙা তথা আন একাংশ সংগঠনেও দুই-এক কাৰ্যসূচীৰ যোগেদি আজি কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in