/asomiyapratidin/media/media_files/2025/02/24/Hvc7hNRLTj5JFhLAYxXR.jpg)
ডিজিটেল ডেস্কঃ এডাভান্টেজ অসম-২.০ত ভাগ লোৱাৰ উদ্দেশ্যে যোৱা দেওবাৰে অসমলৈ অহা কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়ংশংকৰ আৰু ৪২খনকৈ দেশৰ প্ৰতিনিধিয়ে সোমবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক দৃশ্যৰ সাক্ষী হয়।হাতী চাফাৰীৰ লগতে জীপ চাফাৰীৰো আনন্দ উপভোগ কৰে তেওঁলোকে।
/asomiyapratidin/media/media_files/2025/02/24/ZMIoMhEYqOT8TCMTyi95.jpg)
উল্লেখ কৰা প্ৰয়োজন যে, অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পিছত তেওঁলোকে ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া ঝুমুৰ নৃত্য উপভোগ কৰিব আৰু ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ২.০ত উপস্থিত থাকিব বুলিও সদৰি কৰিছে অসম চৰকাৰে।
এইবাৰৰ এডভাণ্টেজ আছামৰ কাৰ্যসূচীত ছিংগাপুৰ, মালয়েছিয়া, থাইলেণ্ড, ভূটান আৰু ইউৰোপীয় দেশে অসমক সহযোগিতা আগবঢ়াব । সন্মিলনত ইউৰোপিয়ান দেশ, ইটালি, কিউৱা, জাপান, কোৰিয়া, ভূটান, মালেছিয়া , ছিংগাপুৰ, থাইলেণ্ড আদি দেশৰ দুতাবাস, ৰাষ্ট্ৰদূত আৰু উচ্চ আয়ুক্তসকলে সন্মিলনত অংশগ্ৰহণ কৰিব । সন্মিলনৰ প্ৰথম দিনা অসমৰ উদ্যোগপতি আৰু বাহিৰৰ উদ্যোগপতিৰ সভা হ'ব ।
/asomiyapratidin/media/media_files/2025/02/24/I8P0Yw2In96mF3tbsL3f.jpg)
সভাত অসমৰ উদ্যোগপতি হৈ অভিজিৎ বৰুৱা আৰু অনুপম ডেকাই বক্তৃতা দিব । আনহাতে বাহিৰৰ উদ্যোগপতি হিচাপে দেশৰ প্ৰধান উদ্যোগপতি মুকেশ আম্বানী, গৌতম আদানী, অনিল আগৰৱালা, সজ্জন জিণ্ডাল, অনিল কুমাৰ চালামালাশেঠী আদিয়ে ভাষণ দিব ।
সন্মিলনৰ বিকশিত অসম, এক্ট ইষ্ট পলিচি, ছেমিকণ্ডাক্টৰ, হাইড্ৰ'কাৰ্বন, ভূটান আৰু ভাৰত সহযোগিতা, পথ, জলপথ, ৰেলপথ যাতায়ত, আৰ্থিক বিনিয়োগ আদি বিষয়ত পৃথকে পৃথকে অধিবেশন হ'ব । এই অধিৱেশনত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আদিয়ে ভাষণ দিব। অসমৰ চাহ, বাহ, আয়ুৰ্বেদিক আৰু কৃষি উদ্যোগ আদি মূল বিষয় হিচাপে এখন অধিবেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সদৰি কৰিছে যে, সম্মিলনত বুজাবুজি চুক্তিৰ বাবে আহিছে ১৫১২খন আবেদন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us