কাজিৰঙাত এইবাৰ ধুমুহা নহয়, হ'ব চুনামীঃ জিতু গোস্বামী...

কাজিৰঙাত এইবাৰ ধুমুহা নহয়, হ'ব চুনামীঃ জিতু গোস্বামী...

ডিজিটেল সংবাদ, কামপুৰঃ বৃহস্পতিবাৰে কাজিৰঙা লোকসভা সমষ্টিৰ নিৰ্বাচনী সভাত বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে কয় যে এইবাৰ কাজিৰঙাত ধুমুহা নহয় চুনামী আহিব বুলি মন্তব্য কৰে। মনোনয়ন পত্ৰ দাখিল কৰিয়েই নিৰ্বাচনী প্ৰচাৰত নামিল ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৷

বৃহস্পতিবাৰে কাজিৰঙা সমষ্টিৰ অন্তৰ্গত ননৈ, শগুনবাহী চাহ বাগিচা আৰু কামপুৰৰ মুঠ তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ বিধায়ক জিতু গোস্বামীক লগত লৈ বিজেপি চৰকাৰৰ উন্নয়নৰ শ্ল'গান দি আগন্তক লোকসভা নিৰ্বাচনত ৰাইজৰ পৰা ভোট বিচাৰে প্ৰাৰ্থী গৰাকীয়ে ৷ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ৰাইজক বিজেপি দলক ভোট দিবলৈ আহ্বান জনায় বিধায়ক জিতু গোস্বামীয়ে।

অসমৰ ৰাইজে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ দক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনত উন্নয়নৰ মুখ দেখিবলৈ পাইছে সেয়ে অসমৰ সকলোয়ে জাতি জনগোষ্ঠী ,ধৰ্ম নিৰ্বিশেষে বিজেপি প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব বুলি বিশ্বাস কৰাৰ লগতে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক লাখৰো অধিক ভোটৰ ব্যৱধানত জয়ী কৰাৰ সংকল্পবদ্ধ হৈছে ৰাইজ।

আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সমষ্টি ৰাইজৰ লগত ১০০ শতাংশ থাকিব নোৱাৰিলেও বিভিন্ন দুৰ্যোগত ৰাইজৰ লগত থাকিম বুলি মন্তব্য প্ৰকাশ কৰে ৷ উল্লেখ্য যে আজি তিনিওখন সভাতে কেইবা সহস্ৰাধিক লোকে

অংশগ্ৰহণ কৰাৰ লগতে উপস্থিত কলিয়াবৰ জিলা সভাপতি বাবুল বৰা, বামুণী মণ্ডল বিজেপিৰ সভাপতি অভিষেক সোম, বামুণী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক মানিক মজুমদাৰ, নগাঁও জিলা সম্পাদক বিজু ৰাউতিয়া, জিলা জনজাতি মৰ্চাৰ সভাপতি শশী বৰদলৈ জ্যেষ্ঠ বিজেপি কৰ্মী হৰিপদ মুখাৰ্জী, উজ্জ্বল বৰদলৈৰ লগতে বিজেপিৰ বহু বিষয়ববীয়া আৰু অসংখ্য কৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in