অসমত বন্ধ হ'ব তন্ত্ৰ-মন্ত্ৰঃ একেলগে পঢ়ি লওক কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ....

থাইলেণ্ডৰ আৰ্হিত নামদাং অভয়াৰণ্যত নিৰ্মাণ হ'ব মুকলি চিৰিয়াখানা
অসমত বন্ধ হ'ব তন্ত্ৰ-মন্ত্ৰ
অসমত বন্ধ হ'ব তন্ত্ৰ-মন্ত্ৰ

ডিজিটেল ডেস্কঃ শনিবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল জৰিয়তে ৰাজহুৱা কৰে।

শনিবাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে, এই বৈঠকত ২০২৪-২৫বৰ্ষৰ বাজেটত অনুমোদন জনায় কেবিনেটে। ডিব্রুগড়ৰ মুকলি চিৰিয়াখানাখন নামদাং সংৰক্ষিত বনাঞ্চলত স্থাপন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।  ২৫৯ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ’ব এই চিৰিয়াখানা।

ইফালে ভিডিপি (Village Diffence Party) সংশোধনী বিলত কেবিনেটে অনুমোদন জনায়।  সম সচিবালয়ত সেৱাৰ ক্ষেত্রত কিছু পদ বিলুপ্ত আৰু কিছু নতুন পদ সৃষ্টিত অনুমতি প্রদান কৰে শনিবাৰৰ কেবিনেটে।

অসম চৰকাৰ কেবিনেট বৈঠকে শনিবাৰে গ্ৰহণ কৰা প্ৰধান সিদ্ধান্তসমূহ...

  • ২০২৪-২৫ বৰ্ষৰ বাজেটত অনুমোদন কেবিনেটৰ

  • অসমত এক চহৰ আঁচনি ৰূপায়ণত কেবিনেটৰ অনুমোদন

  • শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ,লখিমপুৰ, যোৰহাট, কৰিমগঞ্জ চহৰ, শিলচৰ, ধুবুৰী আৰু ডিফু চহৰ এই আঁচনিৰ আওতালৈ

  • চিকিৎসাৰ নামত বেমেজালি বা ঠগবাজি বন্ধৰ বাবে ব্যৱস্থা

  • Assam Healing Prevention Of Evil Practice Bill 2024

  • ডিব্ৰুগড়ত নামদাং সংৰক্ষিত বনাঞ্চলত মুকলি চিৰিয়াখানা

  • মুকলি চিৰিয়াখানাৰ বাবে ২৫৯ কোটি টকাৰ অনুমোদন

  • চিৰিয়াখানাৰ জৰিয়তে সংস্থাপিত হ’ব ৫০ হাজাৰ লোক

  • পৰ্যটন ক্ষেত্ৰৰ বাবে এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ

  • থাইলেণ্ডৰ আৰ্হিত স্থাপন হ’ব মুকলি চিৰিয়াখানা

  • অসম সংগীত আইনক কেবিনেটৰ অনুমোদন

  • এই আইনৰ জৰিয়তে তন্ত্ৰ-মন্ত্ৰ বন্ধ কৰাৰ পদক্ষেপ

  •   অসম সচিবালয়ত নতুনকৈ ৩৫২টা পদ সৃষ্টি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in