/asomiyapratidin/media/media_files/2025/05/25/q5wbRUQuNqzrYZrQsQTL.jpg)
পৰস্পৰৰ সংঘাত
ডিজিটেল সংবাদ,কলিয়াবৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যু ঘটে। বনাঞ্চলখনৰ বাহুবিল বনশিবিৰ এলেকাত শনিবাৰে সন্ধিয়া উদ্ধাৰ হয় বাঘটোৰ মৃতদেহ । ঘটনাস্থলীত পুৱা কাজিৰঙাত ডিএফঅ' অৰুণ বিগনেছসহ চিকিৎসকৰ দল উপস্থিত হৈ বাঘটোৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰে।
প্ৰায় এবছৰীয়া মতা বাঘৰ পোৱালীটো আন বাঘৰ আক্ৰমণত মৃত্যু হোৱা বুলি জানিবলৈ দিছে ডিএফঅ' অৰুণ বিগনেছে। বিভাগীয় নিয়ম অনুসৰি বাঘটোক বাহুবিল বনশিবিৰৰ এলেকাত সৎকাৰ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us