/asomiyapratidin/media/media_files/2025/10/05/whatsapp-image-2025-10-05-21-06-08.jpeg)
কাজিৰঙাৰ প্ৰতিগৰাকী কৰ্মচাৰী-পৰ্যটকৰ মুখলৈ কিদৰে হাঁহি কঢ়িয়াই আনিছে কণমানি মায়াবিনীয়ে সেই সন্দৰ্ভত চয়নিকা শইকীয়াৰ আজিৰ প্ৰতিবেদন...
মায়াবিনী... এই সময়ছোৱাত মাথো এটা শব্দ নহয়, বৰঞ্চ এটি অনুভূতিৰ প্ৰতীক। এই শব্দটোৱে আপোনত্বৰে বান্ধিছে,মৰমেৰে সাৱতিছে প্ৰতিগৰাকী অসমীয়াক। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আগুৰি ধৰি অসমত প্রায় ১৫লাখ লোকে সমস্বৰে পৰিৱেশন কৰিছিল মায়াবিনী।
প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ ১৩দিনলৈকে সমগ্র অসমত প্রায় ৩কোটি লোকে মায়াবিনী প্রার্থনা গীত হিচাপে গাইছিল। এই ১৩টা দিনত জাতি-বর্ণ নির্বিশেষে বুঢ়া চেমনীয়া শিশু সকলোৱে অসমত সমস্বৰে মায়াবিনীৰে আপোন সংহতি গঢ়িছিল।
হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ সমগ্ৰ ৰাজ্য শোকত ডুব গৈ আছে। অসম চৰকাৰে কণ্ঠশিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমান্তৰালকৈ কাজিৰঙায়ো অনন্য ৰূপত প্ৰিয় কণ্ঠশিল্পীগৰাকীলৈ জনাইছে শ্ৰদ্ধাঞ্জলি।
বিশ্ব প্ৰাণী দিৱসৰ দিনা অৰ্থাত শনিবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা হাতী পোৱালি জন্ম হয়। কাজিৰঙাৰ আটাইতকৈ আদৰৰ হাতী কুঁৱৰীয়ে সেইদিনা এটি মাইকী হাতীক জন্ম দিয়ে। ৰাষ্ট্ৰীয় উদ্যানখনত জুবিনৰ গীতৰ নামেৰে নামাকৰণ কৰা হয় নৱজাত হাতী পোৱালিটোক।
অসমৰ বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদ্যজাত হাতীটোৰ নাম ৰাখে ‘মায়াবিনী’। নৱজাত মায়াবিনীৰ আগমনৰ পাছতে চৌদিশে আনন্দই বিৰাজ কৰিছে। হাতীটোৰ নামকৰণৰ পাছতে অভয়াৰণ্যখনৰ প্ৰতিগৰাকী কৰ্মী তথা পৰ্যটক আৱেগিক হৈ পৰা লগতে এই পদক্ষেপক লৈ উৎফুল্লিত হোৱাও দেখা য়ায়।
জন্মৰ কিছু ঘণ্টাৰ পাছতে মায়াবিনীয়ে মাকৰ সৈতে বনাঞ্চলত খেলি ফুৰা নয়নাভিৰাম দৃশ্যই সকলোকে আপ্লুত কৰিছে। বনকৰ্মী আৰু স্থানীয় লোকসকলৰ মাজত এই আনন্দৰ খবৰ তীব্ৰভাৱে প্ৰসাৰিত হয়। পৰ্যটকৰ মাজতো মায়াবিনীক চাবলৈ উৎকণ্ঠা পৰিলক্ষিত হয়।
কাজিৰঙাৰ এগৰাকী ক্ষেত্ৰ অধিকাৰীয়ে এই সন্দৰ্ভত কয়, মায়াবিনীৰ জন্ম কাজিৰঙাৰ বাবে এক সুখবৰ। উদ্যানখনত হাতীৰ সংখ্যা বৃদ্ধি হোৱাটো হাতী সংৰক্ষণৰ ক্ষেত্ৰত এক উৎসাহজনক দিশ।সদ্যোজাত মায়াবিনী সম্পূৰ্ণ সুস্থ। চিকিৎসকৰ দলটোৱে তেওঁক আৰু মাতৃ কুঁৱৰীক নিয়মিত পৰ্যবেক্ষণ কৰি আছে।
মায়াবিনী সন্দৰ্ভত বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নিজৰ সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰে। তেওঁ কয় যে, "#WorldAnimalDay ত হৃদয়স্পৰ্শী খবৰ। কাজিৰঙাৰ কুঁৱৰীয়ে এটা সুস্থ মাইকী হাতী পোৱালি জন্ম দিছে ! অপৰিসীম মৰম আৰু সদিচ্ছাৰে আমি তাইৰ নাম ৰাখিছো 'মায়াবিনি'। বন্যপ্ৰাণী ক্ষেত্ৰখনত তাই কঢ়িয়াই আনক নতুন জীৱন, আশা আৰু সমন্বয়ৰ প্ৰতীক।"
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক সোণালী ঘোষে মায়াবিনী সন্দৰ্ভত কয়, "এই পদক্ষেপৰ জৰিয়তে আমি প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছিলো। কেৱল সংগীত জগততে নহয়, পশুপ্ৰেমী আৰু পৰিৱেশ সজাগতাৰ বাবেও জুবিন গাৰ্গ আছিল এক শক্তিশালী কণ্ঠ।"
জুবিন গাৰ্গ! এই নাম উচ্চাৰণ হ’লেই আমাৰ মনত ভাঁহি উঠে সংগীত, বিপ্লব, আৰু এক উদ্দাম জীৱনৰ ছবি। কিন্তু সেই উদ্দামতাৰ অন্তৰালত আছিল প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতি থকা এখন কোমল হৃদয়। জুবিনে একাধিকবাৰ মঞ্চৰ ভাষণত কৈছিল, “প্ৰকৃতি ৰক্ষা কৰিলেহে আমি আমাৰ সংস্কৃতি, সত্তা আৰু জীৱন ৰক্ষা কৰিব পাৰিম।”
মঞ্চৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই পশুৰ যত্ন লোৱা জুবিনৰ জীৱন কেৱল মঞ্চ, গীত আৰু জনপ্ৰিয়তাৰ পৰিসৰত সীমাবদ্ধ নাছিল। জীৱ-জন্তুৰ প্ৰতি থকা নিঃস্বাৰ্থ ভালপোৱাৰ বাবেই জুবিনৰ ঘৰখনত আশ্ৰয় পাইছিল কুকুৰ, শহা-পহু, আহত পখীয়ে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ আৰু হাতী সংৰক্ষণৰ ক্ষেত্ৰতো জুবিনে নিজৰ কণ্ঠ আৰু খ্যাতিৰ জৰিয়তে সচেতনতা বৃদ্ধি কৰিছিল। সেয়ে অসমৰ বাবে তেওঁ কেৱল এজন শিল্পী নহয়,এক অনুৰাগ। জুবিনৰ সৈতে জড়িত প্ৰতিটো শব্দ প্ৰতিগৰাকী অসমীয়াৰ বাবে এক আৱেগ, উদাহৰণস্বৰূপে মায়াবিনী।
জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সমগ্ৰ অসমতে স্মৃতি আৰু শোকৰ গীতত পৰিণত হ'ল “মায়াবিনী”। সেই একে সময়তে বন্যপ্ৰাণী অভয়াৰণ্যত জীৱন উদযাপনৰো এটা নাম হ'ল “মায়াবিনী”...