/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/1bc4f830-a607-44de-9b2d-d48099f10886/15.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাৰ্বি পাহাৰৰ বন্যহস্তীৰ পৰম্পৰাগত বিচৰণস্থলী আৰু হাতীঘূলী (Play Ground) ত কেৱল নিজৰ মুনাফাৰ স্বাৰ্থত ক'ৰপ'ৰেট টুৰিজিমক গতাই দিবলৈ উঠিপৰি লগা আৰু বোকাখাত পুলিচ প্ৰশাসনৰ আক্ৰমণাত্মক ভূমিকাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া জীপাল কৃষক শ্ৰমিক সংঘৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/17d1a4b4-af2c-4d40-8c11-987e62d27e11/dcc87949-18e0-46e7-85c6-a21648ddbc0a.jpg)
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী স্থিতি প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই। উল্লেখযোগ্য যে কাজিৰঙা আৰু কাৰ্বি পাহাৰৰ সমিপৰ ইংলে পথাৰত বন্যহস্তীৰ বিচৰণ স্থলিত পঞ্চতাৰকা "গ্ৰাণ্ড হায়াট হোটেল" নিৰ্মাণ কৰিবলৈ ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6e1e4cdc-f112-4199-ad7d-f4d68ca0fec9/6ccf6ac7-a3fd-4dd0-bf07-522a8753c972.jpg)
ইফালে চৰকাৰখনে "গ্ৰাণ্ড হায়াট গ্ৰুপ"ক হস্তান্তৰ কৰিবলৈ ওলোৱা উক্ত ইংলে পথাৰৰ ভূমি কেৱল বন্যহস্তীৰ বিচৰণ স্থলীয়েই নহয় হাতীখলী আৰু ৰঙাজানৰ ৪৫টাৰো অধিক পৰিয়ালৰ পৈত্ৰিক কৃষিভূমিও, তেনে প্ৰেক্ষাপটত এই ভূমি হস্তগত কৰি "গ্ৰাণ্ড হায়াট গ্ৰুপ"ক ছমজাই দিয়া মানেই হাতীখলি-ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈত্ৰিক ভূমিৰ অধিকাৰ আৰু বন্যহস্তীকূলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/317bccfc-b707-4477-8224-2975b6bec8fe/ad27cf75-82b1-47a8-9b1c-f4afd2a0fa8e.jpg)
কিন্তু চৰকাৰৰ এনে প্ৰকৃতি ধ্বংসকাৰী আৰু কৃষক বিৰোধী ভয়ংকৰ অভিসন্ধিৰ বিৰুদ্ধে বৰ্তমানেও নিৰৱ ভূমিকা পালন কৰিছে কাজিৰঙাত বাহৰ পাতি বন্যজীৱৰ সুৰক্ষাৰ লগতে দাঁতিকাষৰীয়া জনসাধাৰণৰ জীৱন-জীৱিকাৰ নিৰাপত্তাৰ কথা কোৱা তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠণ আৰণ্যক, WWF, কৰবেট ফাউণ্ডেছনক আদি স্বেচ্ছাসেৱী সংগঠনসমূহে। তথাকথিত প্ৰকৃতিপ্ৰেমী সংগঠণৰ এই নিৰৱ ভূমিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ এই অভিসন্ধিমূলক স্থিতিৰ বিৰুদ্ধে শনিবাৰে সংবাদ মাধ্যমৰ আগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোনেশ্বৰ নৰহে।
তেওঁ কয়- চৰকাৰৰ পৃষ্ঠপোষকতাত কাজিৰঙাত বন্যহস্তীৰ বিচৰণস্থলী আৰু স্থানীয় লোকৰ কৃষিভূমি নিঃশেষ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যো-জা কৰি যি পৰ্যটনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা উঠিপৰি লাগিছে সেয়া প্ৰকৃত পৰ্যটন নহয়, ইক'লজিকেল ইমবেলেঞ্চ কৰি এটা পৰ্যটণ ক্ষেত্ৰ কেতিয়াও বিজ্ঞানসন্মত হ'ব নোৱাৰে।
সৰ্বসাধাৰণ জনগণক উচ্ছেদ কৰি ক্ষতিপূৰণ দি পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব কিন্তু বন্যহস্তীৰ বিচৰণস্থলী উচ্ছেদ কৰি বন্যহস্তীক কি ধৰণে ক্ষতিপূৰণ দিব, বিতাৰিত আৰু ক্ষতিগ্ৰস্ত বন্যহস্তীৰ বাবে এখন বিকল্প কাজিৰঙা নিৰ্মাণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ হাতত যাদুদণ্ড আছে নেকি বুলি প্ৰশ্ন কৰে জীপালৰ উপদেষ্টাগৰাকীয়ে।
লগতে কাজিৰঙাত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুঁজিপুষ্ট কোনো প্ৰকৃতিপ্ৰেমী সংগঠনকে এইবাৰ ৰেহাই দিয়া নহ'ব বুলি সকিয়াই দি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ শ্বেত পত্ৰ দাবী কৰে কৃষক নেতাগৰাকীয়ে।
Also Read: উত্তৰ কামৰূপত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত বৃত্তিমূলক বিষয়ৰ শিক্ষক...