/asomiyapratidin/media/media_files/2025/05/10/MGDuc47zQC7bjTRnKTkr.jpg)
ডিজিটেল ডেস্কঃ বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত স্নিফাৰ ডগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। চোৰাং চিকাৰী চিনাক্তকৰণ অথবা চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ তথা সামগ্ৰী উদ্ধাৰ কৰাত ডগ স্কোৱাডে সদায় অভিযানকাৰী দলক সহযোগিতা আগবঢ়াই আহিছে ৷ এই ক্ষেত্ৰত বিগত সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক বিশেষ নাম আছিল কৰিণাৰ।
কিন্তু এতিয়াৰ পৰা কাজিৰঙাত আৰু দেখা পোৱা নাযাব কৰিণাক। সকলোকে মৰ্মাহত কৰি অজান মুলুকলৈ গুচি গ'ল কৰিণা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্র সংৰক্ষিত বনাঞ্চলৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত স্নিফাৰ ডগ আছিল কে ৯ কৰিণা। বাৰ্ধক্যজনীত কাৰণত বৃহস্পতিবাৰে মৃত্যু হয় কৰিণাৰ।
উল্লেখ্য যে, কে ৯ কৰিণাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত বিগত ১০ বছৰ ধৰি সেৱা আগবঢ়াইছিল। সেয়ে কৰিণাৰ সেৱাক লৈ চিৰ কৃতজ্ঞ বনাঞ্চলবাসী। ইতিমধ্যে কৰিণাক শেষ শ্ৰদ্ধাঞ্জলি দি সম্পূৰ্ণ সন্মানৰে বিদায় দিয়া হৈছে।