ডিজিটেল সংবাদ,কাজিৰঙা: গোলাঘাটৰ আয়ুক্ত পুলক মহন্তৰ ভদ্ৰ, অমায়িক আহ্বানৰ বিপৰীতে বোকাখাতৰ খণ্ড উন্নয়ণ বিষয়া বিহংগী ভাগৱতী দাসৰ অভব্য আচৰণক লৈ আজি কাজিৰঙাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কাজিৰঙাৰ বিভিন্নজনে কৰা অভিযোগ মতে, গোলাঘাট জিলা পশ্চিম উন্নয়ন খণ্ড, বোকাখাতৰ খণ্ড উন্নয়ন বিষয়া বিহংগী ভাগৱতী দাসৰ স্বামী এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সুবাদতে এইগৰাকী বিষয়াই বিভিন্ন সময়ত মইমতালি কৰি আহিছে ৷
আজিও তাৰ ব্যতিক্ৰম নহ'ল ৷ তথ্য অনুসৰি, কাজিৰঙা ভ্ৰমণৰ বাবে মুখ্য কেন্দ্ৰস্থল কঁহৰাত উপস্থিত হোৱা দেশী-বিদেশী পৰ্যটকে পৰ্যটনথলীত উপস্থিত হৈ ক'ত,কেনেকৈ যাব পাৰি,সেই সম্বন্ধে কাজিৰঙাৰ কঁহৰা চাৰিআলিত তথ্য সম্বলিত এখন বেনাৰ আৰি থোৱা আছিল ৷ বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ তৰফৰ পৰা আৰি থোৱা বেনাৰখনৰ পৰা বহু পৰ্যটক উপকৃত হৈছিল।
কিন্তু, বেনাৰখন কঁহৰা চাৰিআলিৰ জিৰণি গৃহটিৰ সন্মুখত থকাৰ বাবে আজি সন্ধিয়া সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ স'তে কাজিৰঙাত উপস্থিত হোৱা গোলাঘাটৰ আয়ুক্ত পুলক মহন্তই বৃহত্তৰ জিৰণি গৃহটিৰ আঁতৰৰ পৰা দেখা পাই থকাৰ স্বাৰ্থত কাজিৰঙা সংবাদ মঞ্চৰ প্ৰতিনিধিসকলক বেনাৰখন কিছু আঁতৰলৈ অনুৰোধ জনায় ৷ সেইমতে, কাইলৈ বেনাৰখন আঁতৰ কৰিবলৈ পৰিকল্পনা কৰে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ প্ৰতিনিধিসকলে ৷
কিন্তু, গোলাঘাটৰ আয়ুক্ত পুলক মহন্তৰ ভদ্ৰ তথা অমায়িক আহ্বানৰ বিপৰীতে বোকাখাতৰ খণ্ড উন্নয়ণ বিষয়া বিহংগী ভাগৱতী দাসে আয়ুক্তৰ আহ্বানক উপেক্ষা কৰি আজি সন্ধিয়াই মানুহ লগাই বেনাৰখন ফালি পেলায়৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল, দেশী-বিদেশী পৰ্যটকৰ ৰম্যভূমি কাজিৰঙাৰ কঁহৰা চাৰিআলিখন কদৰ্যময় হৈ থকাৰ পাছতো চাফচিকুণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা এইগৰাকী খণ্ড উন্নয়ন বিষয়াৰ আজিৰ অভব্য আচৰণে সকলোকে আচৰিত কৰি তুলিছে ৷
উল্লেখ্য যে কাজিৰঙাৰ কঁহৰা চাৰিআলিত থাকোঁতে চাৰি-পাঁচটা প্ৰস্ৰাৱগাৰ থকাৰ পাছতো কোনো এটাতো মানুহ যাব পৰাৰ পৰিৱেশ নাই৷ এইক্ষেত্ৰত বোকাখাতৰ খণ্ড উন্নয়ন বিষয়াৰ দায়িত্ব আছে যদিও তেওঁ যেন চূড়ান্ত উদাসীন ৷ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনস্থ এই এলেকাত ডাষ্টবিনৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰতো চূড়ান্ত উদাসীন এইগৰাকী খণ্ড উন্নয়ন বিষয়া ৷ আনহাতে, নিজৰ খণ্ডটোৰ উন্নয়ন কৰাৰ বিপৰীতে নিজৰ ব্যক্তিগত উন্নয়নত গুৰুত্ব দিয়া এইগৰাকী বিডিঅ’ৰ আজিৰ অভব্য আচৰণক কঠোৰ গৰিহণা দিছে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চই ৷
সংবাদ মঞ্চই এক বিবৃতিযোগে জনাইছে যে কাজিৰঙাৰ বন আৰু জনৰ সুৰক্ষাৰ বাবে কাজিৰঙাবাসীয়ে বিনা দৰমহাত বছৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে ৷ জনগণৰ ৰাজহৰ ধনেৰে দৰমহা লৈ জনগণৰ স্বাৰ্থত কাম কৰিব লাগে, উদ্ভণ্ডালি কৰা উচিত নহয় বুলিও খণ্ড উন্নয়ন বিষয়া বিহংগী ভাগৱতী দাসক স্পষ্টকৈ জনাই দিছে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চই ৷