তাপ বিদ্যুত প্ৰকল্প স্থাপনৰ সপক্ষে কাজিগাঁৱত বৃহৎ সভা অনুষ্ঠিত...

কোকৰাঝাৰ জিলা এবছুৰ প্ৰাক্তন মুখপত্ৰ তথা কাজিগাঁও আঞ্চলিক এবছুৰ উপদেষ্ঠা তথা সমাজকৰ্মী হৰ্ষ ব্ৰহ্মৰ সভাপতিত্বত কাজিগাঁও পথাৰত আজি অনুষ্ঠিত হোৱা নাগৰিক সভাত পৰ্বতঝোৰা এলেকাৰ কেবা সহস্ৰাধিক সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰে ।

author-image
Asomiya Pratidin
New Update
wq

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  পৰ্বতঝোৰা মহকুমাৰ বাশবাৰীত ৰ জৰিয়তে আদানী গ্ৰুপক তাপ বিদ্যুত প্ৰকল্পৰ বাবে ভূমি আবণ্টনক লৈ বিগত কেবা দিনে তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ পিছত আজি কাজিগাঁৱত নাগৰিক সমাজ আৰু বুদ্ধিজীৱিৰ উদ্যোগত এক নাগৰিক সভা অনুষ্ঠিত হয়।

কোকৰাঝাৰ জিলা এবছুৰ প্ৰাক্তন মুখপত্ৰ তথা কাজিগাঁও আঞ্চলিক এবছুৰ উপদেষ্ঠা তথা সমাজকৰ্মী হৰ্ষ ব্ৰহ্মৰ সভাপতিত্বত কাজিগাঁও পথাৰত আজি অনুষ্ঠিত হোৱা নাগৰিক সভাত পৰ্বতঝোৰা এলেকাৰ কেবা সহস্ৰাধিক সাধাৰণ নাগৰিকে অংশগ্ৰহণ কৰে ।

ww

উক্ত সভাত গুৰুদেৱ কালিচৰণ ব্ৰহ্ম কলেজৰ অধ্যক্ষ ধনৰঞ্জন লাল,বিটিআৰ ট্ৰাইবেল সংঘৰ অধ্যক্ষ তথা পৰ্বতঝোৰা ট্ৰাইবেল সংঘৰ সভাপতি নিৰঞ্জন কুমাৰ ব্ৰহ্ম, জনতা কলেজৰ প্ৰৱক্তা ড° মিহিৰ কুমাৰ ব্ৰহ্ম, সমাজকৰ্মী মনীন্দ্ৰ বসুমতাৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰা উক্ত সভাত বক্তাসকলে প্ৰতিবাদকাৰীসকলৰ সৈতে চৰকাৰৰ আলোচনাৰ পোষকতা কৰে।

 পৰ্বতঝোৰাত শেহতীয়াভাৱে একাংশ ৰাজনৈতিক দলে মুনাফা লুটিবলৈ অহা কাৰ্যক সভাই গৰিহণা দি তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সভাই আহ্বান জনাইছে। অঞ্চলটোৰ শান্তি -সম্প্ৰীতি বিঘ্নিত কৰা কাৰ্য নকৰিবলৈ ৰাজনৈতিক দল সমুহলৈ নাগৰিক সভাই আহ্বান জনাই অঞ্চলৰ সমস্যা ৰাইজেই আলাপ -আলোচনাৰে মাধ্যমেৰে সমাধান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

2

নাগৰিক সভাত কোনো মানুহৰে জীৱন -জীৱিকা, সা-সম্পত্তি ক্ষয়-ক্ষতি নোহোৱাকৈ তাপ বিদ্যুত প্ৰকল্প স্থাপন কৰাত আপত্তি নাই বুলি ঐক্যমতত উপনীত হয় আৰু এপিডিচিএল ৱেলকাম বুলি জয়ধ্বনি দিয়ে । 

ইপিনে সভাৰ অন্তত বিটিআৰ  ট্ৰাইবেল সংঘৰ অধ্যক্ষ নিৰঞ্জন কুমাৰ ব্ৰহ্ম , জনতা কলেজৰ প্ৰৱক্তা ড° মিহিৰ কুমাৰ ব্ৰহ্ম আৰু গুৰুদেৱ কালিচৰণ ব্ৰহ্ম কলেজৰ অধ্যক্ষ ধনৰঞ্জন লালে প্ৰতিবাদকাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি একাংশ ৰাজনৈতিক দলে মুনাফা লুটিবলৈ অঞ্চলটোলৈ অহা কাৰ্যক নিন্দা প্ৰকাশ কৰি পৰ্বতঝোৰাত তাপ বিদ্যুত প্ৰকল্প স্থাপনৰ পোষকতা কৰে।

বিটিআৰ  ট্ৰাইবেল সংঘৰ সভাপতি নিৰঞ্জন কুমাৰ ব্ৰহ্মই কয় যে কাৰো জীৱন -সম্পত্তি , বাৰী -বাগান, ঘৰ-গাওঁ ক্ষয়-ক্ষতি নোহোৱাকৈ বাশবাৰী অঞ্চলতে তাপ বিদ্যুত প্ৰকল্পটো স্থাপন কৰা হওঁক । অগ্যতা যদিহে কিবা কাৰণত বাশবাৰী অঞ্চলত তাপবিদ্যুত প্ৰকল্প স্থাপন কৰা সম্ভৱ হৈ নুঠে তেনেহলে পৰ্বতঝোৰাৰে আন কোনোবা অঞ্চলত তাপ বিদ্যুত প্ৰকল্পটো স্থাপন কৰাৰ পোষকতা নাগৰিক আৰু বুদ্ধিজীৱি সমাজে কৰিছে বুলি সদৰি কৰিছে নিৰঞ্জন কুমাৰ ব্ৰহ্মই ।

3

প্ৰতিবাদকাৰী সকলৰ দুখ, মৰ্মবেদনা উপলদ্ধি কৰি আৰু প্ৰতিবাদৰ প্ৰতি সন্মান আছে বুলি মন্তব্য কৰি নিৰঞ্জন কুমাৰ ব্ৰহ্মই বাহিৰৰ পৰা আহি প্ৰতিবাদকাৰীসকলক উচটনি দিয়া কাৰ্যক নিন্দা কৰে । নাগৰিক সমাজ আৰু বুদ্ধিজীৱি সমাজে প্ৰতিবাদকাৰীসকলৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সু সমাধান বিচাৰে বুলি মন্তব্য কৰি বড়ো সাহিত্য সভা , দুলাৰায় বড়ো হাৰিমু আফাট , বড়ো সমাজ আৰু ট্ৰাইবেল সংগঠনৰ নেৰ্তৃবৰ্গক কালি বাশবাৰীত অপদস্থ কৰা কাৰ্যক নিন্দা প্ৰকাশ কৰিছে।

জাতীয় সংগঠনৰ নেৰ্তৃবৰ্গই সমস্যাৰ সমাধানৰ বাবেহে কালি প্ৰতিবাদকাৰীৰ সতে আলোচনা কৰিবলৈ উপস্থিত হৈছিল যদিও বাহিৰৰ পৰা উচটনিৰ ফলত তেওঁলোকক অপদস্থ তথা আক্ৰমন কৰাৰ দৰে দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল বুলি মন্তব্য কৰিছে নিৰঞ্জন কুমাৰ ব্ৰহ্মই ।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ  পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত বাশবাৰী অঞ্চলৰ থকা ৩ হাজাৰ বিঘা ভূমি তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে আদানী গ্ৰুপক হস্তান্তৰৰ পৰিকল্পনাৰ বিৰুদ্ধে বাশবাৰীত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাৱস্থ্য হৈছে। প্ৰতিবাদকাৰীয়ে গাত পেট্ৰল পৰ্যন্ত ঢালি প্ৰতিবাদ সাৱস্থ কৰিছে। প্ৰণিধানযোগ্য যে বাশবাৰী অঞ্চলত প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ স্থাপনৰ বাবে আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানীৰ কনিষ্ট পুত্ৰ জিৎ আদনীয়ে যোৱা ২৩ এপ্ৰিল তাৰিখে ক্ষেত্ৰ পৰিদৰ্শন কৰিছিল।

জিৎ আদানীয়ে প্ৰকল্প স্থাপনৰ বাবে উক্ত অঞ্চল পৰিদৰ্শন কৰাৰ পিছতে ভূমি হস্তান্তৰকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু ইয়াতেই ৰাইজ ক্ষুব্ধ হৈ পৰে। এডভাণ্টেজ আছামৰ জৰিয়তে বিটিআৰৰ পৰ্বতঝোৰাৰ বাশবাৰীত এপিডিচিএলক তাপ বিদ্যুত প্ৰকল্পৰ বাবে ভূমি আৱণ্টন দিয়া আৰু সেই ভূমিত আদানী গ্ৰুপৰ উদ্যোগত বৃহৎ তাপ বিদ্যুত প্ৰকল্প স্থাপনৰ বিষয়টো বৰ্তমান অনিশ্চয়তাত সোমাই পৰিছে ।

অৱশ্যে পৰ্বতঝোৰাৰ স্থানীয় লোকসকলে উদ্যোগ স্থাপনৰ বিৰোধিতা কৰা নাই যদিও উদ্যোগ স্থাপনৰ নামত থলুৱাৰ ক্ষয়-ক্ষতি হ'ব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে। পৰ্বতঝোৰাৰ নাগৰিক সমাজ আৰু বুদ্ধিজীৱি সমাজে আজি তাপ বিদ্যুত প্ৰকল্প স্থাপনৰ সপক্ষে কাজিগাঁওত বৃহৎ সভা অনুষ্ঠিত কৰি আৰু ৰাজনৈতিক দলে মুনাফা লুটিবলৈ অহা কাৰ্যৰ বিৰোধিতা কৰি  বিষয়টোত নতুন গতি দিছে আৰু থলুৱাৰ ক্ষয় ক্ষতি অবিহনে প্ৰকল্প স্থাপনৰ সপক্ষে সন্মতি দিয়া কাৰ্যই ভৱিষ্যতে পৰ্বতঝোৰাত যে তাপ বিদ্যুত প্ৰকল্প স্থাপন হ'ব সেয়া একপ্ৰকাৰ খাটাং হৈছে । 

এ পি ডি চি এল আদানী গ্ৰুপ