ডিজিটেল সংবাদ, চিৰাংঃ শুকুৰবাৰে বিয়লিৰ ভাগত চিৰাং জিলা সদৰ কাজলগাঁৱত সমগ্ৰ শিক্ষা মিচন সমন্বয়কৰ কাৰ্য্যালয়ৰ কোঠালীৰ ভিতৰত অডিট কৰাৰ নামত চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষ/প্ৰধানশিক্ষক সকলৰ পৰা একপ্ৰকাৰ ব্লেকমেইল কৰি উৎকোচ গ্ৰহণ কৰি থকা অবস্থাত বুজন পৰিমাণৰ নগদ টকা সহ এটা বেচৰকাৰী চাৰ্টাৰ্ড একাউন্ট প্ৰতিষ্টানৰ কৰ্মচাৰীক দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই আজিৰ দিনটোত জিলাখনৰ শৈক্ষিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
একপ্ৰকাৰ ব্লেকমেইলিং কৰি উৎকচ দিবলৈ বাধ্য কৰোৱা কেইবাখনো চৰকাৰী শিক্ষানুষ্ঠানৰ ভুক্তভোগী অধ্যক্ষ/প্ৰধানশিক্ষক সকলে চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা মিচন সমন্বয়ক বিজয় কুমাৰ বৈষ্ণৱক আজি লিখিত আকাৰে অভিযোগ পত্ৰ দাখিল কৰাৰ পিছত বিজয় কুমাৰ বৈষ্ণৱে উৎকোচ গ্ৰহণ কৰা অডিটৰ প্ৰতীক চাওচাৰীয়াৰ বিৰুদ্ধে কাজলগাওঁ থানাত এজাহাৰ দাখিল কৰে ।
এজাহাৰৰ ভিত্তিত কাজলগাঁও থানাত অভিযুক্ত প্ৰতীক চাওচাৰীয়াৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে কাজলগাঁও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰে আৰু আদালতে প্ৰতীক চাওচাৰীয়াক ন্যায়িক জিম্মাত প্ৰেৰণ কৰে । উল্লেখ্য যে কাজলগাঁও স্থিত জিলা সমগ্ৰ শিক্ষা মিচন সমন্বয়কৰ অজ্ঞাতে তেখেতৰ কাৰ্য্যালয়ৰ কোঠালীৰ চকীত বহি দিনৰ পোহৰতে মুকলি উৎকোচৰ বজাৰ খুলি অডিট কৰাৰ নামত প্ৰধানশিক্ষক সকলৰ পৰা ৫ হেজাৰ পৰা ২০ হেজাৰ টকালৈকে উৎকোচ গ্ৰহণ কৰি আছিল গুৱাহাটীৰ এটা বেচৰকাৰী চাৰ্টাৰ্ড একাউন্ট প্ৰতিষ্টানৰ কৰ্মচাৰী প্ৰতীক চাওচাৰীয়াই ।
পিছত বিয়লিৰ ভাগত দণ্ডাধীশ নৱজ্যোতি দাস উপস্থিতিত কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল মণি দাসে অভিযান চলাই ৬৯ হেজাৰ ৫০০ টকা সহ হাতেলোটে ধৰা পেলায় অডিটৰ প্ৰতীক চাওচাৰীয়াক। আজি ঘটনা সন্দৰ্ভত চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা সমগ্ৰ শিক্ষা অভিযানৰ জিলা মিচন সমন্বয়ক বিজয় কুমাৰ বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয় যে চিৰাং জিলাৰ বিদ্যালয় সমূহৰ অডিট কৰাৰ নামত প্ৰধানশিক্ষক সকলৰ পৰা টকা সংগ্ৰহ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছিল ।
চাৰ্টাৰ্ড একাউণ্টৰ প্ৰতীক চৌচাৰিয়াই আমগুৰি উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ আনন্দ প্ৰকাশ মুছাহাৰীয়ে লিখিত ভাবে জনোৱা মতে তেওঁৰ পৰা ২৫ হেজাৰ,পানবাৰী উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ ৰাজেশ্বৰ বসুমতাৰীৰ পৰা ১৮ হেজাৰ আৰু উলুবাৰী উচ্চতৰ মাধ্যমিকৰ অধ্যক্ষ ইন্দ্ৰ মোহন দৈমাৰীৰ পৰা ২০ হেজাৰ টকা দিবলৈ বাধ্য কৰোৱা হৈছিল বুলি জনোৱাৰ পিছত কাজলগাঁও থানাত এজাহাৰ দাখিল কৰিছো বুলি জানিবলৈ দিয়ে ।
আনহাতে এই চৰকাৰী কাৰ্যালয়টোৰ জিলা মিচন সমন্বয়কৰ কোঠালীত বহি এটা বেচৰকাৰী চাৰ্টাৰ্ড একাউন্ট প্ৰতিষ্টানৰ কৰ্মচাৰীয়ে উৎকোচ লোৱা সমগ্ৰ ঘটনাৰ সৈতে জিলা সমগ্ৰ শিক্ষা অভিযান কাৰ্য্যালয়ৰ গাণনিক (ফাও) চাতুৰাম মুছাহাৰীৰ ভুমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে । জিলা মিচন সমন্বয়ক গৰাকীক অৱগত নকৰাকৈ কাৰ্যালয়টোত কি স্বাৰ্থত অডিটৰ প্ৰতীক
চাওচাৰীয়াক বহিবলৈ অনুমতি প্ৰদান কৰিলে গাণনিক জনে । এই সন্দৰ্ভত গাণনিক চাতুৰাম মুছাহাৰীয়ে অডিটৰ জনক উক্ত কোঠালীত বহিবলৈ দিয়াৰ অনুমতি প্ৰদান কৰাৰ স্বীকাৰ কৰে যদিও কোনো টকা লেন দেনৰ বিষয়ে তেওঁৰ নাজানে বুলি দাবী কৰে। জিলা সমন্বয়কক গৰাকীক অৱগত নকৰাকৈ মুকলি উৎকচৰ বজাৰ চলাবলৈ অনুমতি প্ৰদান কৰা জিলা সমগ্ৰ অভিযানৰ গাণনিক চাতুৰাম মুছাহাৰীৰ ৰহস্যজনক ভূমিকাকলৈ সহজতে প্ৰশ্ন উত্থাপন হৈছে যে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীৰ হতে গোপন বুজাবুজি নোহোৱাকৈ এটা চৰকাৰী কাৰ্যালয়ত শীৰ্ষ বিষয়াৰ কোঠালিত বহি উৎকচ গ্ৰহণ কৰা টো সম্ভৱ নে ? এই সমগ্ৰ বিষয়টোক উচিত তদন্তৰ দাবী কৰিছে চৰকাৰী শিক্ষানুষ্ঠানৰ ভুক্তভোগী শিক্ষক সকলে ।