/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-19-52-06.jpg)
ডিজিটেল সংবাদ, চিৰাং: বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইউপিপিএল, বিপিএফ দলৰ লগতে বিজেপিৰ মাজতো ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে । আজি চিৰাং জিলা সদৰ কাজলগাঁৱত মন্ত্ৰী কৌশিক ৰাইৰ উপস্থিতিত চিৰাং জিলা বিজেপিৰ এখন বিষয়ববীয়া সভা অনুষ্ঠিত হয়।
উক্ত সভাত মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী আগমণ সন্দৰ্ভত জানিবলৈ দিয়ে। ৯ জুলাইত কাজলগাঁও পৌৰসভাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এখন সভালৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভ্ৰমণকালত মুখ্যমন্ত্ৰী গৰাকীয়ে চিৰাং জিলাৰ দলীয় কাৰ্যসূচীৰ উপৰিও কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। উক্ত কাৰ্য্যসূচী সমূহ সফল ৰূপায়ণ সন্দৰ্ভত আজিৰ সভাত আলোচনা কৰে।
আগন্তুক বিটিচি নিৰ্বাচনত চিৰাং জিলাত বিজেপিৰ সাংগঠনিক স্থিতি পূৰ্বতকৈ অধিক শক্তিশালী কৰাৰ ওপৰত আজিৰ সভাত গুৰুত্বাৰোপ কৰা হয়। সভাৰ অন্তত শাৰীৰিক অসুস্থতাৰ বাবে মন্ত্ৰী কৌশিক ৰায়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ পৰা বিৰত থাকে।
তাৰ বিপৰীতে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে, আগন্তুক বিটিচি নিৰ্বাচনত চিৰাং জিলা বিজেপিৰ দলীয় কৰ্মীয়ে জিলাখনৰ সাতোটা পৰিষদীয় সমষ্টিতে বিজেপি প্ৰাৰ্থী প্ৰদান কৰাটো বিচাৰে। আমিও ৰাজ্যিক নেতৃত্বৰ ওচৰত আমাৰ দলীয় কৰ্মীৰ বাবে দাবী উত্থাপন কৰিম।
কালি গোসাইগাঁৱত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিটিচি নিৰ্বাচনত ইউপিপিএল আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত এটা কৌশলপূৰ্ণ মন্তব্য কৰিছিল সেই মন্তব্যৰ প্ৰতুত্ত্যৰত বিধায়ক অজয় কুমাৰ ৰায়ে কয় যে, মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কোৱা মতে বিটিচি নিৰ্বাচনত ইউপিপিএল দলৰ সৈতে বিজেপিৰ কোনোধৰনৰ মিত্ৰতা নাথাকে।
অহা ৯ জুলাই তাৰিখে বিভিন্ন জনকল্যাণমূলক উন্নয়নৰ বাৰ্তা লৈ চিৰাং জিলাত আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতে প্ৰথমে কাজলগাঁৱত নৱনিৰ্মিত চিৰাং জিলা বিজেপিৰ কাৰ্য্যালয় উদ্বোধন কৰিব। তাৰপিছত জিলা আয়ুক্ত কাৰ্যালয়ত এখনি চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা লগতে বিজনীত বিজেপিৰ দলীয় নেতা কৰ্মীৰ সৈতে এটা মত বিনিময় অনুষ্ঠানতো অংশ ল'ব বুলি সদৰি কৰে।
মুখ্যমন্ত্ৰীৰ চিৰাং জিলা ভ্ৰমনৰ প্ৰাকমুহূৰ্ত্তত আজি মন্ত্ৰী কৌশিক ৰায়ে নৱনিৰ্মিত জিলা বিজেপিৰ কাৰ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেখেতৰ লগত উপস্থিত থাকে বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায়, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যবাহী সদস্য অৰূপ কুমাৰ দে, পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায় সহ জিলা বিজেপিৰ বহু নেতা কৰ্মী ।