ডিজিটেল সংবাদ, শিলচৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয় পৰ্যায়ৰ ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক উদ্বোধন কৰাৰ লগে লগে ৰাজ্যৰ ৩৭ টা বিধান সভা সমষ্টিত ৰেচন কাৰ্ড সমূহ বিতৰণ কৰা হয়। লক্ষীমপুৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাবে উদ্বোধন কৰাৰ লগতে কাছাৰৰ গৃহ সমষ্টি লক্ষীপুৰত এই ৰেচন কাৰ্ড বিতৰণৰ উদ্বোধন কৰে খাদ্য আৰু যোগান মন্ত্ৰী কৌশিক ৰায়ে।
ৰাজ্যখনত মুঠ ১৯ লাখ নতুন হিতাধিকাৰীক এই ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰাৰ লক্ষমাত্ৰা স্থিৰ কৰা বিভাগটোৱে আজি দ্বিতীয় পৰ্যায়ত প্ৰায় ৫ লক্ষাধিক হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰিছে। বাকী থকা প্ৰায় ৪০ টা সমষ্টিত অহা ২৮ ডিচেম্বৰত ৰেচন কাৰ্ড বিতৰণ কৰা হব বুলি সদৰী কৰে মন্ত্ৰী কৌশিক ৰায়ে।
লক্ষীপুৰ সমষ্টিত আজি নতুনকৈ ৩,১৭৫ খন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে। এতিয়ালৈ সমষ্টিটোত মুঠ ৬৬,০৬৯ টা পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিছে। ইফালে, ৰেচন কাৰ্ডৰ জৰিয়তে অতি শীঘ্ৰে সুলভ মূল্যত চেনি আৰু মচুৰ দালি লাভ কৰিব বুলিও সদৰী কৰে খাদ্য মন্ত্ৰী গৰাকীয়ে। এই প্ৰক্ৰিয়াটো পৰীক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অলপতে কৌশিক ৰায়ে কেবা খনো ৰাজ্য ভ্ৰমণ কৰিব বুলিও উল্লেখ কৰে খাদ্য আৰু যোগান মন্ত্ৰী গৰাকীয়ে।