/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/75611786-359d-4465-bdfa-025800a820fc/cmp.jpg)
chandramohon patowary
ডিজিটেল সংবাদ,বকোঃ অসম চৰকাৰৰ কৃষি বিভাগে কামৰূপ জিলা কৃষি বিভাগৰ সৌজন্যত বকো মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ উদ্যোগত মঙ্গলবাৰে বকোত কাতি বিহু উদযাপন কৰে । অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ লগতে পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰে ।
৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত আগছিয়া খেতি পথাৰত আয়োজন কৰা কাতি বিহু উদযাপন অনুষ্ঠানত সভাপতিত্ব কৰে কামৰূপ জিলাৰ কৃষি বিষয়া ধীৰেন্দ্ৰ নাথ কাজিয়ে ।
অনুষ্ঠানত বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ৭টা কৃষি চক্ৰৰ একাংশ প্ৰগতিশীল খেতিয়কক সম্বৰ্ধনা জনোৱাৰ উপৰিও বিভাগটোৱে বিভিন্ন কৃষি সামগ্ৰী বিতৰণ কৰে । অনুষ্ঠানত বনমন্ত্ৰী বিভাগ তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী পাটোৱাৰীয়ে কৃষকক উৎসাহিত কৰিবলৈ বক্তব্য প্ৰদান কৰে ।
পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ ৰাখিবলৈ ডিজেল, পেট্ৰল পৰিহাৰ কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত প্ৰসংগত উল্লেখ কৰি পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে ইথানল প্ৰস্তুত কৰিব লাগিব বুলি মন্তব্য কৰে । সেই ইথানল প্ৰস্তুত কৰাৰ বাবে চৰকাৰে মাকৈ খেতি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত উল্লেখ কৰে ।
খেতিয়কক খেতি কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে ইতিমধ্যে চৰকাৰে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ প্ৰদান কৰি অহাৰ কথাও পাটোৱাৰীয়ে কয় । মন্ত্ৰীগৰাকীয়ে ভাষণৰ মাজে মাজে অনুষ্ঠানত অংশগ্ৰহণ কৰা অমিতা, পটল, কল, ধান আদিৰ খেতিয়কৰ সকলৰ সৈতে মত বিনিময় কৰে । আনকি মন্ত্ৰীগৰাকীয়ে খেতিয়কসকলৰ খেতিকৰা ভূমিৰ পৰিমাণৰ উপৰিও উৎপাদনৰ পৰিমাণ পৰ্যন্ত জানিবলৈ প্ৰয়াস কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8becd350-7c37-4b66-8c45-a44c6181a026/cmp1.jpg)
অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ভাষণত কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় যদিও আজি কালি বছৰটোৰ সকলো সময়তে খেতিয়কে খেতি কৰি কাতি বিহুৰ সজ্ঞাই সলাই পেলাইছে বুলি কয় ।
সাংসদগৰাকীয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক কৃষি মন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত গুৱাহাটীত অসংখ্য উদ্যোন শস্যৰ খেতিয়ক সৃষ্টি কৰাত ভূমিকা গ্ৰহণ কৰিছিল বুলি ভাষণত প্ৰশংসা কৰে ।
ৰাজ্য চৰকাৰে কৃষি বিভাগৰ জৰিয়তে প্ৰথম বাৰৰ বাবে কাতি বিহু উদযাপন কৰাত সাংসদ গৰাকীয়ে ৰাজ্য চৰকাৰৰ এনে পদক্ষেপক ধন্যবাদ জনায় । সন্ধিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আগছিয়া খেতি পথাৰত ১০০ গছি বন্তিৰ বন্তি প্ৰজ্বলন কৰাৰ লগতে সাংসদ কুইন ওজাই আকাশ বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে ।
কাতি বিহু উদযাপন অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈ , কামৰূপ জিলা বি জে পিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, বকো কৃষি মহকুমা বিষয়া চন্দ্ৰধৰ কলিতা, বিজেপি নেত্ৰী লৱণ্য বড়ো, বকো বিজেপি মণ্ডলৰ সভাপতি অশ্বিনী পাঠক, বিজেপি দলৰ প্ৰভাৰী জয়ন্ত দাসকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।