ডিজিটেল ডেস্ক : সংগীত নাটক একাডেমিৰ বঁটাৰে সন্মানিত নৃত্য গুৰু, বিশ্বৰ প্ৰায় ৪২ খন দেশত কথক নৃত্যৰে সুখ্যাতি অৰ্জন কৰা অসমৰ বিখ্যাত কথক নৃত্যশিল্পী প্ৰয়াত সুৰেন্দ্ৰ শইকীয়াৰ সোঁৱৰণিত সোমবাৰে সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰাজ্যিক কথক নৃত্যোৎসৱ-২০২৪। এই নৃত্যোৎসৱত অসমৰ নৱীন-প্ৰৱীন ভালেকেইগৰাকী শিল্পীয়ে একক আৰু দলীয় নৃত্যৰ পৰিৱেশনেৰে দৰ্শকক মোহাৱিস্ত কৰে।
উত্তৰ-পূৱ ভাৰতৰ প্ৰথম 'টপগ্ৰেড' কথক শিল্পী প্ৰয়াত সুৰেন্দ্ৰ শইকীয়াৰ পৰিয়ালৰ হৈ ভগ্নী অনুপমা শইকীয়া আৰু তেওঁৰ শিষ্যবৃন্দৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ পিছত মঞ্চ মুকলি কৰা হয়। সংগীত নাটক একাডেমিৰ উত্তৰ- পূব শাখাৰ সঞ্চালক অৰূপ বৰদলৈয়ে মঞ্চ উদ্বোধন কৰে।
নৱপ্ৰজন্মৰ কথক শিল্পীসকলক উৎসাহ অনুপ্ৰেৰণা দিয়াৰ মানসেৰে গুৰু সুৰেন্দ্ৰ শইকীয়াৰ সুযোগ্য শিল্পী ভাতৃ তথা মুখ্য উদ্যোক্তা ভাগ্যজ্যোতি শইকীয়াই পৰিয়াল বৰ্গ আৰু এচাম শুভাকাংক্ষীৰ সহযোগিতাৰে এই অনুষ্ঠান সফল কৰি তোলে। উল্লেখযোগ্য যে নৃত্যানুষ্ঠানৰ প্ৰথম কাৰ্যসূচী প্ৰস্তুত কৰে জ্যেষ্ঠ শিল্পী মৰমী মেধি আৰু মেঘৰঞ্জনী মেধিয়ে৷
লগতে মৰমী মেধিৰ পৰিচালনাৰে "সুৰসংগম"ৰ কেইগৰাকীমান শিক্ষাৰ্থীয়ে সুন্দৰ নৃত্যানুষ্ঠান আগবঢ়ায় ৷ ইয়াৰ পিছতে অনুষ্ঠান পৰিবেশণ কৰে অলিগুঞ্জন কলিতা মুদিয়াৰ আৰু চন্দ্ৰানী কলিতা ওজাই।
দুয়োগৰাকী সুদক্ষ শিল্পীৰ পৰিচালনাৰে সাধনা কথক কেন্দ্ৰৰ নিপুন শিল্পীসকলে উপস্থাপন কৰে কথকৰ শুদ্ধ ৰূপ৷ জ্যেষ্ঠ কথক শিল্পী বিপুল চ্ন্দ্ৰ দাসে পৰিবেশন কৰে পৰাম্পৰাগত কথকৰ শুদ্ধৰূপ আৰু দাসক সহযোগ কৰে মৃদঙ্গৰ তিনিগৰাকী শিক্ষাৰ্থীয়ে৷
শেষত শিল্পী হেমন্ত কলিতাৰ পৰিচালনাৰে নৃত্য পৰিৱেশন তথা 'নৃত্যংগণ'ৰ সাতগৰাকী শিক্ষাৰ্থীয়ে সুন্দৰকৈ পৰিৱেশন কৰে কৃষ্ণস্তুতি৷ শিল্পী ভাগ্যজ্যোতি শইকীয়াই শিল্পীসকলৰ পৰিচয় দাঙি ধৰে আৰু অনুষ্ঠানটোৰ আঁত ধৰে।