কচুৱাত একে নিশাই চাৰিখনকৈ দোকানত চুৰিকাণ্ড...

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। কচুৱাৰ জুৰিৰপাৰ লকডাউন বজাৰত একে নিশা চাৰিখনকৈ দোকানত সংঘটিত চুৰিকাণ্ড।

author-image
Asomiya Pratidin
New Update
4

ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। কচুৱাৰ জুৰিৰপাৰ লকডাউন বজাৰত একে নিশা চাৰিখনকৈ দোকানত  সংঘটিত চুৰিকাণ্ড। একে নিশাই সেকবৰ আলী, ফৰিদুল ইছলাম, এবাদুল ইছলাম আৰু ইজাজুল ইছলামৰ দোকানৰ টিনপাত কাটি ভিতৰলৈ প্ৰৱেশ কৰি নগদ ধনসহ মূল্যবান সা-সামগ্ৰী লুটি উধাও হয় চোৰ। 

উল্লেখ্য যে কচুৱা থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত বিগত কেইমাহ ধৰি সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও চোৰক কাৰায়ত্ত কৰিব পৰা নাই কচুৱা আৰক্ষীয়ে।

কচুৱা