ভাল মুছলমান হ’বলৈ হিজাব পৰিধান কৰাৰ প্ৰয়োজন নাই…

ভাল মুছলমান হ’বলৈ হিজাব পৰিধান কৰাৰ প্ৰয়োজন নাই…

author-image
asomiyapratidin
New Update
ভাল মুছলমান হ’বলৈ হিজাব পৰিধান কৰাৰ প্ৰয়োজন নাই…

এতিয়াও অব্যাহত আছে কৰ্ণাটকৰ হিজাব বিতৰ্ক। দেশজুৰি চলি থকা বিতৰ্কৰ মাজতেই জম্মু-কাশ্মীৰৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে হিজাবক লৈ দিয়া মন্তব্য সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে। অৰুচা পাৰভেজ নামৰ ছাত্ৰী গৰাকীয়ে কয় যে "ভাল মুছলমান হ'বলৈ হিজাব পৰিধান কৰাৰ প্ৰয়োজন নাই"।

Advertisment

উল্লেখ্য যে, অৰুচাই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। মেধাৱী ছাত্ৰী গৰাকীয়ে ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় আৰু এই ফলাফলৰ পিছতেই ছ'চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰে ছাত্ৰী গৰাকীয়ে।

কিন্তু লাহে লাহে অৰুচাই হিজাব পৰিধান নকৰাকলৈ বিবাদ আৰম্ভ হয়।কেৱল ইমানেই নহয় মেধাৱী ছাত্ৰী গৰাকীক হত্যা কৰাৰো ভাবুকি দিয়ে একাংশই।

অনলাইন ট্ৰ'লৰ স্বীকাৰ হৈও হাৰ নামানি অৰুচাই উচিত প্ৰত্যুত্তৰ দিয়ে তেওঁৰ বিষয়ে কৰা সমালোচনাৰ। তেওঁ কয় যে "ভাল মুছলমান হ'বলৈ হিজাব পৰিধান কৰাৰ প্ৰয়োজন নাই।মই আল্লাৰ ওপৰত বিশ্বাস ৰাখো আৰু ইছলাম ধৰ্মীয় আদৰ্শ মানি চলো কিন্তু মুছলমান বুলি পৰিচয় দিবলৈ হিজাবৰ প্ৰয়োজন নাই"। মেধাবী ছাত্ৰী গৰাকীৰ এই মন্তব্যৰ পিছতেই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত।

kashmir hijab