পহলগামত ৰিল বনোৱা ভিডিঅ’গ্ৰাফাৰক জেৰা এনআইএৰ

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত নতুন টুইষ্ট আহি পৰিছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। বৈছাৰণ উপত্যকাত পৰ্যটকৰ বাবে ভিডিঅ’ ৰিল বনোৱা এজন ভিডিঅ’গ্ৰাফাৰক মূল সাক্ষী হিচাপে লৈছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই

author-image
Asomiya Pratidin
New Update
পহলগামত ৰিল বনোৱা ভিডিঅ’গ্ৰাফাৰক জেৰা এনআইএৰ

পহলগামত ৰিল বনোৱা ভিডিঅ’গ্ৰাফাৰক জেৰা এনআইএৰ

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত নতুন টুইষ্ট আহি পৰিছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থাই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। বৈছাৰণ উপত্যকাত পৰ্যটকৰ বাবে ভিডিঅ’ ৰিল বনোৱা এজন ভিডিঅ’গ্ৰাফাৰক মূল সাক্ষী হিচাপে লৈছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই (এন আই এ)। 

Advertisment

সূত্ৰ অনুসৰি, এই স্থানীয় ভিডিঅ’গ্ৰাফাৰে সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত সমগ্ৰ ঘটনাটো নিজৰ কেমেৰাত ৰেকৰ্ড কৰিছিল। এজন জ্যেষ্ঠ বিষয়াই কৰা মন্তব্য অনুসৰি, ‘যেতিয়া গুলীচালনা আৰম্ভ হ’ল, তেতিয়া এই যুৱকজনে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দৌৰি আহি গছত উঠিল। কিন্তু তেওঁ সাহস নেহেৰুৱাই সমগ্ৰ ঘটনাটো কেমেৰাত বন্দী কৰি থাকিল।

এন আই এয়ে ভিডিঅ’গ্ৰাফাৰজনক জেৰা কৰি এতিয়া তেওঁ নিৰ্মাণ কৰা ভিডিঅ’টোৰ সন্দৰ্ভত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। সংস্থাটোৱে আশা কৰিছে যে, ইয়াৰ দ্বাৰা সন্ত্ৰাসবাদীক চিনাক্তকৰণত ক্ষেত্ৰত সহায়ক হ’ব।

পহলগাম জম্মু-কাশ্মীৰ