Advertisment

সুদীৰ্ঘ ৮ বছৰৰ পাছত নীলা জাৰ্চীত দেখা পোৱাৰ সম্ভাৱনা কৰুণ নায়াৰক

এবছৰ, দুবছৰ নহয়- সুদীৰ্ঘ ৮টা বছৰৰ পাচত ভাৰতীয় জাতীয় ক্ৰিকেট দলত দেখা পোৱা যাব পাৰে কৰুণ নায়াৰক। একালৰ বিস্ফোৰক বেটছমেন কৰুণ নায়াৰৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে দললৈ আমন্ত্ৰণ জনোৱাৰ গুণাগাঁথা চলাইছে নিৰ্বাচক মণ্ডলীয়ে।

author-image
Asomiya Pratidin
New Update
নীলা জাৰ্চীত দেখা পোৱাৰ সম্ভাৱনা কৰুণ নায়াৰক

নীলা জাৰ্চীত দেখা পোৱাৰ সম্ভাৱনা কৰুণ নায়াৰক

ডিজিটেল ডেস্ক : এবছৰ, দুবছৰ নহয়- সুদীৰ্ঘ ৮টা বছৰৰ পাচত ভাৰতীয় জাতীয় ক্ৰিকেট দলত দেখা পোৱা যাব পাৰে কৰুণ নায়াৰক। একালৰ বিস্ফোৰক বেটছমেন কৰুণ নায়াৰৰ শেহতীয়া প্ৰদৰ্শনৰ বাবে দললৈ আমন্ত্ৰণ জনোৱাৰ গুণাগাঁথা চলাইছে নিৰ্বাচক মণ্ডলীয়ে। এক উচ্চস্তৰীয় সূত্ৰে এই কথা জানিব পৰা গৈছে।

Advertisment

সূত্ৰটোৱে লগতে জনাই যে আসন্ন চেম্পিয়নছ ট্ৰফীৰ প্ৰতি লক্ষ্য কৰুণ নায়াৰক দললৈ উভতাই অনাৰ বাবে যো-জা চলাই আছে। যদিহে সকলো ঠিকে- ঠাকে থাকে, তেন্তে চেম্পিয়নছ ট্ৰফীৰ মেচতে দেখিবলৈ পোৱা যাব ক্ৰিকেটাৰগৰাকীক। সম্প্ৰতি তেওঁ বিদৰ্ভৰ বিৰুদ্ধে ঘৰুৱা ক্ৰিকেট খেলি আছে। ঘৰুৱা ক্ৰিকেটত তেঁও লাভ কৰিছে ঈৰ্ষণীয় সাফল্য।

বিজয় হাজাৰে ট্ৰফীত নায়াৰে ৭খন মেচৰ ৬টা ইনিংছত কৰিছে ৬৬৪ ৰান। য’ত তেওঁৰ নামত আছে ৫টা শতক। ইয়াৰ উপৰি তেওঁ কোনো এটা ইনিংছতে আউত হোৱা নাছিল। আটাইকেইটা ইনিংছতে তেওঁ অপৰাজিত। তেনে পৰিপ্ৰেক্ষিতত তেওঁৰ এই সাফল্যৰ বাবে এতিয়া নিৰ্বাচক মণ্ডলী বিমোৰত পৰিছে। চেম্পিয়নছ ট্ৰফীৰ দল গঠনৰ সমীকৰণতো লাগিছে আউল। 

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে কৰুণ নায়াৰে শেষবাৰৰ বাবে নীলা জাৰ্চী পৰিধান কৰিছিল ২০১৭ চনত। তেতিয়াৰ পৰা আজিপৰ্যন্ত তেঁওক জাতীয় দলৰ জাৰ্চীত দেখিবলৈ পোৱা হোৱা নাই।

cricket bcci team india