দিল্লীৰ 'ৰাজপথ'ৰ নাম সলনি; প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব 'কৰ্তব্য পথ'...

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নতুনকৈ নামাকৰণ হোৱা 'কৰ্তব্য পথ'ৰ। ৰাজধানী দিল্লীত থকা ''ৰাজপথ'' নামৰ পথটিৰ নাম সলনি কৰি ''কৰ্তব্য পথ'' কৰা হয়।

author-image
Asomiya Pratidin
New Update
দিল্লীৰ 'ৰাজপথ'ৰ নাম সলনি; প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব 'কৰ্তব্য পথ'...

kartavya path

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব নতুনকৈ নামাকৰণ হোৱা 'কৰ্তব্য পথ'ৰ। ৰাজধানী দিল্লীত থকা ''ৰাজপথ'' নামৰ পথটিৰ নাম সলনি কৰি ''কৰ্তব্য পথ'' কৰা হয়।

এই সময় চোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে নেতাজী সুভাস চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিও উন্মোচন কৰিব। কৰ্তব্য পথ ৰায়সীনা হিলচত থকা ৰাষ্ট্ৰপতি ভৱনৰ পৰা আৰম্ভ হৈ বিজয় চক, ইণ্ডিয়া গেট আদি কৰি লালকিল্লাত শেষ হয়।

এই পথটোতেই ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা পেৰেড হয়। ৩ কিলোমিটাৰতকৈ দীঘল এই পথটোৰ পূৰ্বতে নাম আছিল 'কিংগছৱে' নামেৰে জনা গৈছিল। পাছত এই পথটোৰ নাম 'ৰাজপথ' কৰা হৈছিল। আৰু এতিয়া এই পথটিৰ নাম সলনি কৰি 'কৰ্তব্য পথ' কৰা হয়।

delhi kartavya path rajpath