/asomiyapratidin/media/media_files/2025/08/01/ddddd-2025-08-01-12-06-15.jpg)
ডিজিটেল ডেস্কঃ মাহে ১৫হাজাৰ টকা দৰমহা পোৱা এগৰাকী কৰ্মচাৰী। কিন্তু এই কৰ্মচাৰীগৰাকীৰ সম্পত্তিৰ তালিকা দেখিলে আপোনাৰো চকু কপালত উঠিব। এই কৰ্মচাৰীগৰাকীৰ পৰা প্ৰায় ৩০কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি জব্দ কৰিছে আয়কৰ বিভাগে।
এই কৰ্মচাৰীগৰাকীৰ পৰা জব্দ কৰা হৈছে ২৪টা ঘৰ, ৪খন গাড়ী, ৪০একৰ কৃষিভূমি, আধা কেজি সোণ, ডেৰ কেজি ৰূপৰ লগতে আৰু কোটি টকীয়া বহু সম্পত্তি। এই চৰকাৰী কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে ৭২কোটি টকাৰ হৰলুকিৰ অভিযোগ।
কৰ্ণাটকৰ কৌপ্পল জিলাৰ নিৱাসী এইগৰাকী কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে। বৰ্তমানলৈকে কৰ্মচাৰীগৰাকীৰ সম্পত্তিৰ পৰিমাণ দেখি আচৰিত হৈছে তদন্তকাৰী বিষয়াসকল। কৰ্মচাৰীগৰাকীৰ আৰু অধিক সম্পত্তি অচিৰেই উদ্ধাৰ কৰিব বুলিও সদৰি কৰিছে তদন্তকাৰী বিষয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us